...

অইল আৰু স্পেকট্ৰণ ইঞ্জিনিয়াৰ প্রাইভেট লিমিটেডৰ গাফিলতিৰ বাবেই দুর্ঘটনাটো সংঘটিত হ’ল:আলফা(স্বা:)

অইল আৰু স্পেকট্ৰণ ইঞ্জিনিয়াৰ প্রাইভেট লিমিটেডৰ গাফিলতিৰ বাবেই দুর্ঘটনাটো সংঘটিত হ’ল:আলফা(স্বা:)

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা(স্বা:)ৰ বিবৃতি

চাইন অন ডেস্ক, ১০নৱেম্বৰ:

অসমৰ সম্পদ অবৈধ লুণ্ঠন কৰি থকা উপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ অধীনস্থ “অইল ইণ্ডিয়া লিমিটেড”ৰ চৰম গাফিলতিৰ বাবে যোৱা ইংৰাজী ৬ নৱেম্বৰ ২০২৬ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ টেঙাখাতস্থিত OCSৰ ভিতৰত থকা ITF গেছ পাইপত সংঘটিত হোৱা দুর্ঘটনাত বর্তমানলৈকে যিমান কেইগৰাকী বিষয়া কৰ্মচাৰীয়ে অকাল মৃত্যুক আকোঁৱালি লবলগা হ’ল, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা সেই আটাইকেইগৰাকীৰ মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত তথা চিকিৎসাধীন বিষয়া কৰ্মচাৰী সকলৰ দ্রুত আশুআৰোগ্য কামনা কৰিলোঁ।

অনস্বীকার্য যে- অইল ইণ্ডিয়া লিমিডেট আৰু স্পেকট্ৰণ ইঞ্জিনিয়াৰ প্রাইভেট লিমিডেৰ গাফিলতিৰ বাবেই উক্ত দুর্ঘটনাটো সংঘটিত হ’বলৈ পালে। অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীন কর্মকাণ্ড এয়া কোনো নতুন কথা নহয়। অইল কর্তৃপক্ষৰ

দায়িত্বহীনতাৰ ফলত একাধিকবাৰ তেল পৰিবাহী পাইপলাইনত বিস্ফোৰণ হোৱাৰ লগতে তৈলখাদত বিস্ফোৰণৰ ফলত বিস্তৰ অঞ্চলৰ কৃষক ৰাইজ, পশুধন, শস্য পথাৰৰ ক্ষয়-ক্ষতি হোৱাৰ উদাহৰণ আছে। গতিকে শেহতীয়া টেঙাখাতৰ দুৰ্ঘটনাৰ প্রাথমিক ক্ষতিপূৰণ হিচাপে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ দ্বাৰা অইল কর্তৃপক্ষক এই নির্দেশনা দিয়া হয়

যে-

১/ দুর্ঘটনাত নিহত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ পৰিয়ালক এক কোটি টকাকৈ এককালীন আর্থিক সহার্য প্রদান কৰিব লাগিব।

২/ নিহত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ পৰিয়াল পৰিচালনাৰ বাবে তেখেত সকলৰ পৰিয়ালৰ যিকোনো যোগ্য ব্যক্তিক অইলৰ

অধীনত চাকৰিত নিয়োগ কৰিব লাগিব।

৩/ দুর্ঘটনাত আহত হোৱা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক পঞ্চাচ লাখ টকাকৈ এককালীন আর্থিক সহাৰ্য প্ৰদান কৰাৰ উপৰিও প্রয়োজনীয় সকলোধৰণ উন্নত চিকিৎসা প্রদান কৰিব লাগিব।

প্রসঙ্গক্রমে উল্লেখ কৰা প্ৰয়োজন যে- যোৱা ১৯ জুলাই ২০২৬ তাৰিখে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত পাহাৰৰ পৰা নামি অহা ঢলে সূচনা কৰা প্ৰলয়ত আপোনজনক হেৰুৱাৰ উপৰিও ঘৰ-বাৰী, পশুধন, খেতি-পথাৰ হেৰুৱাই নিথৰুৱা হোৱা দুৰ্ভগীয়া পৰিয়াল সমূহৰ পুনর্বাসন আৰু বানে তচ-নচ কৰা অঞ্চলসমূহৰ আন্তগাঁথনি পুনঃনিৰ্মাণৰ বাবে অইল আৰু অ’ এন জি চি প্রতিষ্ঠানক দুশ কোটি টকাকৈ আর্থিক অনুদান প্রদান কৰিবলৈ আহ্বান জনোৱা হৈছিল। কিন্তু দুয়োটা প্রতিষ্ঠান ক্রমে অইল ইণ্ডিয়া লিমিটেডে পোন্ধৰ কোটি আৰু অ’ এন জি চিয়ে ২৫ কোটি টকাকৈ সামান্য সহার্য আগবঢ়াই বানবিধ্বস্ত থলগিৰি জনগণক কণাহাঁহক পতান ধান দি নিজৰ দায়িত্ব সামৰিলে। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা প্ৰতিটো প্রতিষ্ঠানক নিৰ্দ্ধাৰণ কৰি দিয়া দুশ কোটিৰ টকাৰ বাকী অনাদায় অনুদানৰ টকা আগন্তুক চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ আদায় দিবলৈ লগতে অইল আৰু অ’ এন জি চি দুয়োটা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদত এগৰাকী যোগ্য থলগিৰি ব্যক্তিক নিয়োগ কৰিবলৈ নির্দেশনা দিয়া হ’ল। আগন্তুক চাৰি মাহৰ ভিতৰত যদি দুয়োটা প্রতিষ্ঠানে সম্পূর্ণ দুশ কোটি টকা আদায় নিদিয়ে তেন্তে অনাগত দিনত প্রতিষ্ঠান দুটাৰ বিৰুদ্ধে সংবাদ বিজ্ঞপ্তিৰ বিপৰীতে কঠোৰ সামৰিক ব্যৱস্থা গ্রহণ কৰা হ’ব আৰু তাৰ বাবে প্রতিষ্ঠান দুটায়ে উত্তৰদায়ী হ’ব লাগিব। এনে পৰিৱেশৰ সূচনা হ’লে থলগিৰি জনগণে যাতে আমাক ভুল নুবুজে।

অইল, অ’ এন জি চি ৰ উপৰিও কয়লাভিত্তিক প্রতিষ্ঠান আদি কৰি আন আন থলুৱা আৰু বহিৰাগত প্রতিষ্ঠানে বুজি উঠা প্রয়োজন যে অসম ভূ-খণ্ডত পোৱা সকলো সম্পদৰ অভিভাৱক অসমৰ থলগিৰি জনগণ। কিন্তু সেইসমূহৰ প্ৰকৃত সুফল অসমৰ থলগিৰি জনগণে কেতিয়াও ভোগ কৰিবলৈ পোৱা নাই। বাঘজান, জয়সাগৰ, কোঁৱৰপুৰ আৰু ডিকমৰ ঘটনাৰ পৰা শিক্ষা নোলোৱা অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চিৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে অসমৰ জাতীয় সম্পদৰ বৃহৎ অপচয় হোৱাই নহয় ইয়াৰ পৰা অসমৰ পৰিবেশ আৰু জলবায়ুত কু-প্রভাৱ পৰিছে আৰু ইয়াক আমি জঘন্য অপৰাধ হিচাপে গণ্য কৰোঁ। এফালে অসমৰ থলগিৰি জনগণৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে চিন্তা নকৰা আৰু আনফালে পৰিবেশতন্ত্ৰ আৰু ইয়াৰ জলবায়ুক দুষিত কৰি থলগিৰি জনগণ ৰোগাক্রান্ত জীৱন উপহাৰ দিবলৈ বিচৰা অইল, অ’ এন জি চি আৰু কয়লা ভিত্তিক প্রতিটো প্রতিষ্ঠানক অসমৰ কোনো অঞ্চলতে নতুনকৈ সম্পদ অনুসন্ধান, অন্বেষণ আৰু উদ্ঘাটন নকৰিবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ তৰফৰ পৰা নির্দেশনা দিয়া হ’ল। এই নির্দেশনা অমান্য কৰিলে উক্ত প্রতিষ্ঠান সমূহৰ বিৰুদ্ধে কঠোৰ সামৰিক প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলা হ’ব।

ভৱদীয়

মেজৰ নিৰ্ণয় অসম
ভাঃ সম্পাদক, প্ৰচাৰ বিভাগ
সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]

Leave a Reply

Your email address will not be published. Required fields are marked *