বৰপেটাত চাইবাৰ অপৰাধীৰ চক্ৰ উৎখাত
চাইন অন ডেস্ক, ১০নৱেম্বৰ:
চাইবাৰ প্ৰৱঞ্চনাৰে এজন লোকৰ বেংক একাউণ্টৰ পৰা ৯৯ হাজাৰ টকা সৰকোৱাৰ অভিযোগত বৰপেটাৰ আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা কাৰিকৰী তদন্তৰ ভিত্তিত আটক কৰা হয় তিনিওকে।
ডি পি আৰ চিৰ পৰিচালন সঞ্চালক দিগন্ত দাসৰ পত্নীৰ বেংক একাউণ্টৰ পৰা ৯৯ হাজাৰ টকা ধৃত চাইবাৰ অপৰাধী কেইটাই সৰকাই নিছিল।
এই সন্দৰ্ভত বৰপেটা সদৰ থানাত ৪৪১/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।
বৰ্তমান তিনিওজন অভিযুক্ত বৰপেটা আৰক্ষীৰ জিম্মাত আছে।
ইপিনে , চাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত অচিনাকি লোকক নিজৰ পৰিচয়-পত্ৰ আৰু বেংক সম্পৰ্কীয় তথ্য প্ৰদান নকৰিবলৈ ৰাইজক সতৰ্ক কৰি দিছে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।