টেঙাখাট তেলক্ষেত্ৰৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি
আজি কুমুদ গগৈ আৰু গোলাপ দত্তৰ চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ
ৰাজু দত্ত, ৰূপম গোহাঁই, তাপসজ্যোতি গগৈ আৰু শৈলেন গগৈৰ ইতিপূৰ্বে মৃত্যু
চাইন অন ডেস্ক, ১০ নৱেম্বৰ:

ৰাজু দত্ত, ৰূপম গোহাঁই, তাপসজ্যোতি গগৈ আৰু শৈলেন গগৈৰ ইতিপূৰ্বে মৃত্যু হৈছে আৰু আহত কুমুদ গগৈক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে কালি দিল্লীলৈ প্ৰেৰণ কৰা হয়।মৃত কুমুদ গগৈ টেঙাখাটৰ বৰবীল দিঘলীয়াৰ বাসিন্দা আছিল। তেওঁ অইলৰ তত্ত্বাৱধানত ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত মুম্বাইস্থিত স্পেক্ট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত হেল্পাৰ (ছেমি-স্কিলড) হিচাপে কৰ্মৰত আছিল।
উল্লেখ্য যে ৬ নৱেম্বৰৰ পুৱা প্ৰায় ৯.০৫ বজাত কৰ্মীসকলে কামত ব্যস্ত থকাৰ সময়তে ITFত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।অইলৰ প্ৰাথমিক তদন্ত অনুসৰি, ITFৰ ইণ্ডাইৰেক্ট বাথ হিটাৰ (IDBH) এলেকাত বিস্ফোৰণটো সংঘটিত হয়। উক্ত এলেকাটো ৪ 
টেঙাখাটৰ এই ভয়ংকৰ দুৰ্ঘটনাই অসম তথা দেশৰ অন্যতম ভয়ংকৰ তৈলক্ষেত্ৰ দুৰ্ঘটনা ২০২০ চনৰ বাঘজান ব্ল’আউটৰ স্মৃতি পুনৰ উত্থাপন কৰিছে। তিনিচুকীয়া জিলাৰ বাঘজান তেলক্ষেত্ৰৰ ৫ নম্বৰ তৈল খাদত ২০২০ চনৰ ২৭ মে’ত ব্ল’আউট সংঘটিত হৈছিল। কেইবামাহ ধৰি জ্বলি থকা সেই অগ্নিকাণ্ড অৱশেষত ২০২০ চনৰ ১৫ নৱেম্বৰত নিৰ্বাপিত কৰা হৈছিল। বাঘজানৰ ঘটনাত ৭,০০০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ আৰু জীৱিকাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছিল।