...

বাসুগাঁৱত বড়ো সাহিত্য সভাৰ মহাৰজত জয়ন্তীৰ ব্যাপক আয়োজন

বাসুগাঁৱত বড়ো সাহিত্য সভাৰ মহাৰজত জয়ন্তীৰ ব্যাপক আয়োজন

মহাৰজত জয়ন্তীৰ স্মৃতি ৰক্ষাৰ্থে হব অডিটৰিয়ামৰ আধাৰশিলা

বাসুগাঁও,১১নভেম্বৰ:

১৯৫২ চনৰ ১৬ নভেম্বৰত বাসুগাঁৱত জম্ম লাভ কৰে বড়ো সাহিত্য সভাই । সভাই ৭৫ বছৰ বয়সত ভৰি দিয়া উপলক্ষে জম্ম ঠাই বাসুগাঁৱত মহাসমাৰোহেৰে মহাৰজত জয়ন্তী (Platinum jublee) পালনৰ আয়োজন কৰা হৈছে । ১৫ আৰু ১৬ নভেম্বৰত দুই দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনৰ মহা আয়োজন চলিছে । বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহেন্দ্ৰ নাৰায়ণ ব্ৰহ্ম বসুমতাৰী সোঁৱৰণী মূল মণ্ডপৰ কাম দিনে-নিশাই তীব্ৰ গতিত চলিছে । লক্ষ্মীনাথ ব্ৰহ্ম সোঁৱৰণী মূল তোৰণ, সুভাষ বসুমতাৰী সোঁৱৰণী অতিথিশালা, ফনিন্দ্ৰ নাৰ্জাৰী পুৰুষ শিৱিৰ, হৰেশ্বৰী ব্ৰহ্ম সোঁৱৰণী মহিলা শিৱিৰ, অতুল বিশ্বাস সোঁৱৰণী ভোজনালয়, প্ৰাণনাথ বসুমতাৰী সোঁৱৰণী স্বাস্থ্য শিবিৰ, জে বসুমতাৰী সোঁৱৰণী লৰাৰ শিৱিৰ, তিলেশ্বৰী বসুমতাৰী সোঁৱৰণী ছোৱালী শিৱিৰ, গিৰিশ চন্দ্ৰ ৰায় সোঁৱৰণী বজাৰ গৃহ ইত্যাদিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই সকলোবোৰ ১৫ নভেম্বৰত ফিটা কাটি শুভ উদ্বোধন কৰা হ’ব । সিদিনাই স্মৃতি গ্ৰন্থ উন্মোচন, গ্ৰন্থ উন্মোচন, ডকুমেণ্টৰী উন্মোচন, কবি সন্মিলন, ৭৫ বছৰীয়া বড়ো সাহিত্য সভা, ভাষা, সংস্কৃতিলৈ অৱদান আৰু চিনাকি, বড়ো ভাষা আৰু শিক্ষা, ভৱিষ্যত ইয়ৰ প্ৰভাৱ, যুৱ প্ৰজন্মৰ মাজত বড়ো ভাষা আৰু ব্যৱহাৰ শীৰ্ষক ইত্যাদি বিষয়-বস্তুৰ ওপৰত পৃথকে পৃথকে আলোচনা সভা আদি অনুষ্ঠিত হ’ব । সন্ধিয়া বন্তি প্ৰজ্বলন আৰু ৰমেশ্বৰী মোছাহাৰী সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব । উল্লেখযোগ্য যে ১৬ নভেম্বৰ ৰাতিপুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব সভাৰ সভাপতি গোপীনাথ বৰগয়াৰী, স্মৃতি তৰ্পণ কৰিব সভাৰ উপ-সভাপতি ড০ প্ৰেমানন্দ মোছাহাৰী । দিনৰ এক বজাত অনুষ্ঠিত হ’ব মুকলি সভা । সভা উদ্বোধন কৰিব বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমীৰ উপ সভাপতি প্ৰফেছাৰ কুমুদ শৰ্মা । বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সুৰথ নাৰ্জাৰী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব । অনুষ্ঠানটিত বি টি চিৰ স্পীকাৰ ত্ৰিদীপ দৈমাৰী, ৰাজ্য সভাৰ সাংসদ প্ৰমোদ বড়ো, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী ইত্যাদি নেতা সকল উপস্থিত থাকিব । মুকলি সভাৰ প্ৰাকমুহূৰ্তত বড়ো ভাষাৰ সেনানী (বড়ো বিজৌংনি ফাইখি) প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ নামত প্ৰতিমূৰ্তি উন্মোচন আৰু মহাৰজত জয়ন্তী সোঁৱৰণী অডিটৰিয়াম স্থাপন কৰা হ’ব । স্থাপন কৰিব বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । ইয়াৰ অন্তত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । উদ্ধোধন কৰিব সাংসদ জয়ন্ত বসুমতাৰী । সন্ধিয়া সুনম চন্দ্ৰ গয়াৰী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম । দুয়োদিনৰ বিস্তৃত আৰু বৰ্ণাঢ্য অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আদৰণি সমিতিৰ লগতে কেন্দ্ৰীয় বড়ো সাহিত্য সভাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *