গণিত আৰু নৃগণিত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত
চাইন অন ডেস্ক,১২ নৱেম্বৰ:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত অহা ১৯ৰ পৰা ২১ নৱেম্বৰলৈ বিশ্ববিদ্যালয় চৌহদত এক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। “International Conference on Global Trends in Mathematics and Ethno-Mathematics: Pure and Applied Perspectives (ICGEM 2026)” শীৰ্ষক এই সন্মিলনত গণিতৰ শেহতীয়া ধাৰা আৰু ইয়াৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ’ব।

সন্মিলনৰ মূল বক্তৃতা প্ৰদান কৰিব আই আই টি বম্বেৰ Centre for Traditional Indian Knowledge Systems (CTIKS)-ৰ অধ্যক্ষ অধ্যাপক কে. ৰামাসুব্ৰমনিয়নে। ইটালীৰ ৰোম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰেনে স্কুফে মুখ্য অতিথি হিচাপে আৰু কল্যাণী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কল্লোল পালে সন্মানীয় অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
এই সন্মিলনে বিভিন্ন বিষয়ৰ গৱেষকসকলক নিজৰ মৌলিক গৱেষণা-পত্ৰ উপস্থাপনৰ লগতে শৈক্ষিক মত-বিনিময় আৰু পাৰস্পৰিক সহযোগিতাৰ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব।
নৱপ্ৰজন্মৰ গৱেষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজকসকলে ৩২ বছৰ বয়সলৈকে যুৱ গণিতজ্ঞসকলৰ উৎকৃষ্ট গৱেষণা-অৱদানৰ স্বীকৃতিস্বৰূপে ‘ICGEM Best Paper Award’ প্ৰদানৰ ব্যৱস্থা কৰিছে।
দেশ-বিদেশৰ প্ৰায় ১৫০গৰাকী অংশগ্ৰহণকাৰীয়ে সন্মিলনৰ ৩১খন শৈক্ষিক অধিৱেশনত নিজৰ গৱেষণালব্ধ অৱদান উপস্থাপন কৰাৰ লগতে গৱেষণাৰ অভিজ্ঞতা বিনিময় কৰিব। সন্মিলনখনত ৩২গৰাকী বিশিষ্ট আমন্ত্ৰিত সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনে গণিতজ্ঞ আৰু গৱেষকসকলৰ মাজত বিদ্যায়তনিক আলোচনা, জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ লগতে গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ বাবে এক সজীৱ মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
সন্মিলনৰ পঞ্জীয়ন, গৱেষণা-পত্ৰ দাখিলৰ নিৰ্দেশনা আৰু অন্যান্য সবিশেষ তথ্যৰ বাবে আগ্ৰহী অংশগ্ৰহণকাৰীসকলক সন্মিলনৰ আনুষ্ঠানিক ৱেবছাইট www.dibru.ac.in/icgem চাবলৈ অনুৰোধ জনোৱা হৈছে।