...

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন

চাইন অন ডেস্ক,৫আগষ্ট:

অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত অনুষ্ঠিত এখন সভাত তেখেতে বিশ্ববিদ্যালয় খনৰ বৰ্তমানৰ পাঠ্যক্ৰম, অন্তঃগাঁথনি আৰু বিভিন্ন সমস্যাৰজিৰ বিষয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ লগত আলোচনা কৰে। বিশ্ববিদ্যালয়খনে দীৰ্ঘদিনৰ পৰা আবেদন কৰি অহা বিভিন্ন শিক্ষক, বিষয়া, কৰ্মচাৰীৰ নিযুক্তি সম্পৰ্কীয় কাম বিলাক অতি শীঘ্ৰে কৰি দিবলৈ ক্ৰীড়া বিভাগৰ বিশেষ সচিবক নিৰ্দেশনা দিয়ে।বিশ্ববিদ্যালয় খনে সন্মুখীন হৈ অহা অন্যান্য সমস্যাৰাজিৰ বিষয়ে আৰু বিশ্ববিদ্যালয় খনৰ উন্নতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী লগতো আলোচনা কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উক্ত আলোচনাৰ সময়ত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য্য অধ্যক্ষ হীৰেন্দ্ৰ নাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে প্ৰমুখ্য কৰি বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।স্থানীয় ৰাইজে ক্ৰীড়া মন্ত্ৰীজনে বিশ্ববিদ্যালয় খনৰ উন্নতিৰ বাবে এইবাৰ দৃহভাবে কাম কৰি বিশ্ববিদ্যালয় খনক উন্নতিৰ দিশত আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *