ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গণিত আৰু লোকগণিত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ
চাইন অন ডেস্ক,২০নৱেম্বৰ:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ‘International Conference on Global Trends in Mathematics and Ethno-Mathematics: Pure and Applied Perspectives’ (ICGEM 2026) শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ হয়।

উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা উপস্থিত থাকি উদ্বোধনী ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইটালীৰ University of Rome Tor Vergata-ৰ অধ্যাপক ৰেনে স্কুফ (René Schoof)। আনহাতে, সন্মিলনৰ মূল বক্তা হিচাপে উপস্থিত থাকে IIT, Bombay-ৰ Centre for Traditional Indian Knowledge and Skills-ৰ অধ্যাপক কে. ৰামাসুব্ৰমনিয়ান।
অনুষ্ঠানত পশ্চিম বংগৰ কল্যাণী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কল্লোল পাল, সন্মিলনৰ আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক পৰমানন্দ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুষদৰ ডীন অধ্যাপক গীতিকা বৰা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু গণিত বিভাগৰ মুৰব্বী তথা সন্মিলনৰ আয়োজক সমিতিৰ আহ্বায়ক অধ্যাপক তাজিদ আলী উপস্থিত থাকে। লগতে বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰুণ কুমাৰ বৰুৱা আৰু অধ্যাপক বিশ্বৰাম শৰ্মাকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।
বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ জৰিয়তে আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আদৰণী ভাষণ প্ৰদান কৰে গণিত বিভাগৰ মুৰব্বী অধ্যাপক তাজিদ আলীয়ে। তেওঁৰ ভাষণত বিভাগটোৰ শেহতীয়া উল্লেখযোগ্য সাফল্যসমূহ তুলি ধৰি কয় যে যোৱা তিনি বছৰত বিভাগৰ শিক্ষকমণ্ডলীয়ে ১৩০-তকৈ অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে, যাৰ ভিতৰত Q1–Q3 আলোচনীত ৭৪টা আৰু সহযোগিতামূলকভাৱে ৩৯টা প্ৰকাশিত হৈছে। তদুপৰি অনিশ্চয়তা মডেলিং বিষয়ৰ অধ্যাপক ড০ পলাশ দত্তই ২০২১ চনৰ পৰা ধাৰাবাহিকভাৱে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ‘World’s Top 2% Scientists’ তালিকাত স্থান লাভ কৰি আহিছে আৰু তেওঁৰ দুটা পঞ্জীভুক্ত পেটেণ্ট আছে; লগতে গেম থিয়ৰী বিষয়ত অধ্যাপক সুৰজিৎ বৰকটকীয়ে বিদেশত আন্তঃৰাষ্ট্ৰীয় গৱেষণা সহযোগিতা গঢ়ি তুলিছে, যাৰ প্ৰকল্পসমূহৰ মূল্য প্ৰায় ৩ কোটি টকা। ইয়াৰ পিছতে সন্মিলনৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰে আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক পৰমানন্দ ডেকাই। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ICGEM 2026-ৰ সাৰাংশ গ্ৰন্থ (Abstract Book) উন্মোচন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিশিষ্ট অতিথিসকলে গ্ৰন্থখন উন্মোচন কৰে। সন্মিলনৰ সহযোগী প্ৰতিষ্ঠান বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক কুমাৰ কৰেও সন্মিলনৰ সফলতা কামনা কৰি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে, যিটো সাৰাংশ গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।
অনুষ্ঠানত মুখ্য অতিথি অধ্যাপক ৰেনে স্কুফৰ লগতে অধ্যাপক কল্লোল পাল আৰু মূল বক্তা অধ্যাপক কে. ৰামাসুব্ৰমনিয়ানৰ ভাষণৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হয়। বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুষদৰ ডীন অধ্যাপক গীতিকা বৰাইও অনুষ্ঠানত ভাষণ প্ৰদান কৰে।
শেষত সন্মিলনৰ যুটীয়া সমন্বয়ক ড০ নিৰঞ্জন বৰাই শলাগৰ শৰাই আগবঢ়ায়। ৰাষ্ট্ৰীয় সংগীত আৰু অসম ৰাজ্যিক সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।
এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনে গণিতৰ বিভিন্ন শাখাৰ গৱেষণা, নতুন চিন্তা-চৰ্চা আৰু পৰম্পৰাগত জ্ঞানৰ সৈতে আধুনিক গণিতৰ সম্পৰ্ক অন্বেষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।