...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

জ্যেষ্ঠ নাগৰিকৰ প্ৰতি সমমৰ্মিতাৰে স্বাস্থ্য সুৰক্ষা

চাইন অন ডেস্ক,২০ নবেম্বৰ:

জ্যেষ্ঠ নাগৰিকৰ প্ৰতি সামাজিক দায়বদ্ধতা, মানৱীয় মূল্যবোধ আৰু সহমর্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে ১৯ নৱেম্বৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন কৰে। ডিব্ৰুগড় জিলাৰ কমাৰগাঁওৰ অন্তৰ্গত ৰঙাপৰা গাঁৱত অৱস্থিত জাগৃতি সম্মিলিত উন্নয়ন কেন্দ্ৰৰ দ্বাৰা পৰিচালিত জ্যেষ্ঠ নাগৰিকৰ গৃহ ‘আশ্রয়’ত এই কাৰ্যসূচী অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই শিবিৰত চিকিৎসক ডাঃ তাজদাৰ ৰহিম আৰু ডাঃ নুপুৰ দিহিঙীয়াই আৱাসীসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য সম্পর্কীয় প্রয়োজনীয় পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰি আৱাসী সকলক প্রয়োজনীয় বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। অনুষ্ঠানৰ আন এক বিশেষ কার্যসূচী হিচাপে আৱাসী জ্যেষ্ঠ নাগৰিকসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়। কার্যসূচীত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্রী সকলো উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিয়ে শিক্ষাৰ্থীসকলৰ এই সামাজিক পদক্ষেপক অধিক উৎসাহিত কৰে। শিক্ষার্থীসকলৰ এই পদক্ষেপ কেৱল এক স্বাস্থ্যসেৱামূলক কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি যুৱ প্ৰজন্মৰ দায়বদ্ধতা, জ্যেষ্ঠসকলৰ প্ৰতি সন্মান আৰু মানৱীয় সেৱাৰ এক তাৎপর্যপূর্ণ বার্তা হিচাপে বিবেচিত হৈছে। সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ শিক্ষার্থী আছিফ কৰিম, নয়নজ্যোতি কুর্মি, ৰাগিনী ৰাজখোৱা, দীক্ষা দত্ত, চিৰন্তন দোলাকাষৰীয়া আৰু উপলব্ধি গোস্বামীয়ে অনুষ্ঠানৰ নেতৃত্ব লৈ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। “আশ্ৰয়” ৰ কতৃপক্ষই সকলো ছাত্র-ছাত্রীলৈ শলাগ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *