আগন্তুক ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ প্ৰস্তুতি ডিব্ৰুগড়ত
১-১৯ বছৰীয়া শিশু আৰু কিশোৰ -কিশোৰীক পেলু মুক্ত কৰাৰ লক্ষ্য
চাইন অন ডেস্ক,৪আগষ্ট:

এই বৈঠকত ১০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস আৰু ১৭ আগষ্টৰ Mop-up Day ত কৰণীয় কৰ্মপন্থাৰ বিষয়ে বিশদ আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ -কিশোৰীক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে পেলুনাশক *এলবেনডাজল* টেবলেট সেৱন কৰাই পেলুমুক্ত কৰাৰ পদক্ষেপ লোৱা হ’ব এই পেলুনাশক দিৱসত ।এই কাৰ্যসূচীৰ সুচাৰু আৰু ফলপ্ৰসূ ৰূপায়ণৰ বাবে সকলো সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণো প্ৰদান কৰা হয় ।এই বৈঠকত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বড়া, মহকুমা খণ্ড স্বাস্থ্য আৰু চিকিৎসা বিষয়া সকল, জিলা টীকাকৰণ বিষয়া, স্বাস্থ্য বিষয়া, ডিব্ৰুগড় জিলাৰ বিদ্যালয় পৰিদৰ্শক কবিতা ডেকাৰ লগতে ডিব্ৰুগড় জিলাৰ সমগ্ৰ শিক্ষা, সমাজ কল্যাণ, পোষণ অভিযান ইত্যাদি বিভাগৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ জিলা আৰু খণ্ড পৰ্যায়ৰ আঁচনি প্ৰবন্ধন গোটৰ বিষয়াসকল উপস্থিত থাকি নিজ বিভাগৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে আলোচনা কৰে।

ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ উপকাৰিতা বহুমুখী। নিয়মীয়াকৈ এলবেনডাজল সেৱনে শিশুৰ মাজত ৰক্তহীনতা আৰু অপুষ্টি হ্ৰাস কৰে যাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ ত্বৰান্বিত হয়। পেলুমুক্ত শিশু অধিক মনোযোগী আৰু উৎসাহী হোৱাৰ বাবে বিদ্যালয়ত তেওঁলোকৰ উপস্থিতি আৰু শিকন ক্ষমতা বৃদ্ধি পায় যিয়ে পৰৱৰ্তী সময়ত সুস্থ আৰু কৰ্মক্ষম নাগৰিক হ’বলৈ ইন্ধন যোগায় । দীৰ্ঘম্যাদীভাৱে চালে এই কাৰ্যসূচীয়ে শিশুৰ শিক্ষাগত আৰু অৰ্থনৈতিক ভৱিষ্যৎ উন্নত কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু এখন সুস্থ ৰাষ্ট্ৰ গঠনৰ ভেটি সুদৃঢ় কৰে।
উল্লেখযোগ্য যে, স্বাস্থ্য ,বিদ্যালয়, অংগনৱাড়ী, অভিভাৱক আৰু স্থানীয় প্ৰশাসনৰ যৌথ প্ৰয়াসৰ জৰিয়তেহে এই পেলু নির্মূলকৰণ অভিযান সফল কৰি তুলিব পাৰি। সেয়েহে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে সকলো অভিভাৱক, শিক্ষক আৰু নাগৰিকক ১০ আগষ্টত তেওঁলোকৰ ১-১৯ বছৰীয়া সন্তান কিম্বা ছাত্ৰ -ছাত্ৰীক এলবেনডাজল টেবলেট সেৱন কৰাই এখন “পেলুমুক্ত ডিব্ৰুগড় আৰু পেলুমুক্ত নৱপ্ৰজন্ম” গঢ়ি তোলাত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে।