...

ভাৰতবৰ্ষত ১,২২,৫১৬ শিশুক সৰবৰাহৰ কবলৰ পৰা উদ্ধাৰ!

ভাৰতবৰ্ষত ১,২২,৫১৬ শিশুক সৰবৰাহৰ কবলৰ পৰা উদ্ধাৰ!

ডিব্ৰুগড়ত শিশু সৰবৰাহৰ বিৰুদ্ধে এচিআৰডিৰ অভিযান

চাইন অন ডেস্ক,৪আগষ্টঃ

বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে অসম চেণ্টাৰ ফৰ ৰু’ৰেল ডেভেলপমেণ্টে ডিব্ৰুগড় জিলাত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় শিশু সৰবৰাহ বিৰোধী অভিযানৰ অংশ হিচাপে শিশু সৰবৰাহ বিৰোধী সজাগতা অভিযান৷ এই অভিযানৰ জৰিয়তে জিলা প্ৰশাসন, আৰক্ষী বিভাগ, শিশু কল্যাণ সমিতি, ডিচিপিইউ, শিক্ষা বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত শিশু সৰবৰাহ, শিশু শ্ৰম আৰু শিশু বিবাহ প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰা হৈছে। লগতে দুৰ্বল পৰিয়াল চিনাক্তকৰণ, চৰকাৰী কল্যাণমূলক আঁচনিৰ সৈতে সংযোগ স্থাপন, বিদ্যালয় আৰু গাঁওভিত্তিক সজাগতা সভা, সন্দেহজনক ঘটনা চিনাক্তকৰণ, আইনী সহায় আৰু উদ্ধাৰ হোৱা শিশুৰ পুনৰ্বাসনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, Just Rights for Childrenৰ নেতৃত্বত সমগ্ৰ দেশজুৰি ৭৮২খন জিলাত ২৫০ৰো অধিক সংগঠনে ২০৩০ চনৰ ভিতৰত ভাৰতক শিশু সৰবৰাহমুক্ত কৰাৰ লক্ষ্যৰে এই ৰাষ্ট্ৰীয় অভিযান চলাই আছে। জেআৰচিৰ তথ্য অনুসৰি, ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে দেশজুৰি ১,২২,৫১৬ জন শিশু সৰবৰাহৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। এচিআৰডিয়ে কয় যে শিশু সৰবৰাহ প্ৰতিৰোধৰ ক্ষেত্ৰত সমাজৰ সকলো স্তৰৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয়। দৰিদ্ৰ আৰু অসহায় পৰিয়ালক ভুৱা চাকৰি, শিক্ষা বা উন্নত জীৱনৰ প্ৰলোভন দেখুৱাই শিশু সৰবৰাহকাৰীয়ে অপৰাধ সংঘটিত কৰে। সেয়েহে সকলোকে সজাগ হৈ সন্দেহজনক ঘটনা তৎক্ষণাত আৰক্ষী বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই অভিযানৰ মূল লক্ষ্য হৈছে ডিব্ৰুগড় জিলাক শিশু সৰবৰাহমুক্ত, শিশু-সুৰক্ষিত আৰু শিশুবান্ধৱ জিলা হিচাপে গঢ়ি তোলা।

Leave a Reply

Your email address will not be published. Required fields are marked *