...

আগন্তুক ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ প্ৰস্তুতি ডিব্ৰুগড়ত

আগন্তুক ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ প্ৰস্তুতি ডিব্ৰুগড়ত

১-১৯ বছৰীয়া শিশু আৰু কিশোৰ -কিশোৰীক পেলু মুক্ত কৰাৰ লক্ষ্য

চাইন অন ডেস্ক,৪আগষ্ট:

আগন্তুক ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস সুচাৰুৰূপে ৰূপায়ণৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাৰ ড॰ জন বেৰী হোৱাইট ছেমিনাৰ হলত স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত শ্ৰী প্ৰাঞ্জল বৰুৱা দেৱৰ সভাপতিত্বত স্বাস্থ্য,শিক্ষা, সমাজকল্যাণ, পোষণ আদি বিভিন্ন বিভাগৰ একত্ৰিত জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়।
এই বৈঠকত ১০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস আৰু ১৭ আগষ্টৰ Mop-up Day ত কৰণীয় কৰ্মপন্থাৰ বিষয়ে বিশদ আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ -কিশোৰীক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে পেলুনাশক *এলবেনডাজল* টেবলেট সেৱন কৰাই পেলুমুক্ত কৰাৰ পদক্ষেপ লোৱা হ’ব এই পেলুনাশক দিৱসত ।এই কাৰ্যসূচীৰ সুচাৰু আৰু ফলপ্ৰসূ ৰূপায়ণৰ বাবে সকলো সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক প্ৰশিক্ষণো প্ৰদান কৰা হয় ।এই বৈঠকত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বড়া, মহকুমা খণ্ড স্বাস্থ্য আৰু চিকিৎসা বিষয়া সকল, জিলা টীকাকৰণ বিষয়া, স্বাস্থ্য বিষয়া, ডিব্ৰুগড় জিলাৰ বিদ্যালয় পৰিদৰ্শক কবিতা ডেকাৰ লগতে ডিব্ৰুগড় জিলাৰ সমগ্ৰ শিক্ষা, সমাজ কল্যাণ, পোষণ অভিযান ইত্যাদি বিভাগৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ জিলা আৰু খণ্ড পৰ্যায়ৰ আঁচনি প্ৰবন্ধন গোটৰ বিষয়াসকল‌ উপস্থিত থাকি নিজ বিভাগৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে আলোচনা কৰে।

উল্লেখযোগ্য যে, Soil-Transmitted Helminthiases বা STH হৈছে গোলকৃমি, হুইপকৃমি আৰু হুকৱৰ্মৰ দ্বাৰা হোৱা এক প্ৰধান জনস্বাস্থ্য সমস্যা। অশৌচ, লেতেৰা পানী, খালী ভৰিত খেলা-ধূলা আৰু হাত নধোৱাকৈ খাদ্য গ্ৰহণৰ জৰিয়তে এই পেলু সহজে বিয়পে। চিকিৎসা বিজ্ঞানৰ তথ্য অনুসৰি দীৰ্ঘদিনীয়া পেলু সংক্ৰমণে শিশুৰ শাৰীৰিক বৃদ্ধিত বাধা দিয়ে, ৰক্তহীনতা আৰু অপুষ্টিৰ সৃষ্টি কৰে, জ্ঞানাত্মক বিকাশত প্ৰভাৱ পেলায় আৰু বিদ্যালয়ত উপস্থিতিৰ হাৰ কমায়। নিয়মীয়া পেলু নির্মূলকৰণে এই সংক্ৰমণৰ চক্ৰ ভাঙি শিশুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, নতুন দিল্লীয়ে ২০১৯-২৪ চনত কৰা Baseline Survey অনুসৰি ৰাজ্যত STH ৰ প্ৰাদুৰ্ভাৱ ২০১৪-১৬ চনৰ ৪৯.৮% ৰ পৰা হ্ৰাস পাই বৰ্তমান ২৫.৭% লৈ নামি আহিছে। এই ইতিবাচক অগ্ৰগতিৰ ধাৰা অব্যাহত ৰাখিবলৈ ভাৰত চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি ১-১৯ বছৰ বয়সৰ ৭৫% তকৈ অধিক শিশুক সামৰি STH নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ উপকাৰিতা বহুমুখী। নিয়মীয়াকৈ এলবেনডাজল সেৱনে শিশুৰ মাজত ৰক্তহীনতা আৰু অপুষ্টি হ্ৰাস কৰে যাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ ত্বৰান্বিত হয়। পেলুমুক্ত শিশু অধিক মনোযোগী আৰু উৎসাহী হোৱাৰ বাবে বিদ্যালয়ত তেওঁলোকৰ উপস্থিতি আৰু শিকন ক্ষমতা বৃদ্ধি পায় যিয়ে পৰৱৰ্তী সময়ত সুস্থ আৰু কৰ্মক্ষম নাগৰিক হ’বলৈ ইন্ধন যোগায় । দীৰ্ঘম্যাদীভাৱে চালে এই কাৰ্যসূচীয়ে শিশুৰ শিক্ষাগত আৰু অৰ্থনৈতিক ভৱিষ্যৎ উন্নত কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু এখন সুস্থ ৰাষ্ট্ৰ গঠনৰ ভেটি সুদৃঢ় কৰে।

উল্লেখযোগ্য যে, স্বাস্থ্য ,বিদ্যালয়, অংগনৱাড়ী, অভিভাৱক আৰু স্থানীয় প্ৰশাসনৰ যৌথ প্ৰয়াসৰ জৰিয়তেহে এই পেলু নির্মূলকৰণ অভিযান সফল কৰি তুলিব পাৰি। সেয়েহে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে সকলো অভিভাৱক, শিক্ষক আৰু নাগৰিকক ১০ আগষ্টত তেওঁলোকৰ ১-১৯ বছৰীয়া সন্তান কিম্বা ছাত্ৰ -ছাত্ৰীক এলবেনডাজল টেবলেট সেৱন কৰাই এখন “পেলুমুক্ত ডিব্ৰুগড় আৰু পেলুমুক্ত নৱপ্ৰজন্ম” গঢ়ি তোলাত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *