...

অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত পৰিৱেশ দিৱস পালন

অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত পৰিৱেশ দিৱস পালন

চাইন অন ডেস্ক,৬জুন:

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়তো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ সহযোগত গছপুলি ৰোপণ, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত কৰি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়৷ পুৱা মহাবিদ্যালয়ৰ চৌহদত আম, শিলিখা, আমলখি, মধুৰীআম, লেতেকু, ডালচেনি গছৰ পুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ইয়াৰ পিছতে ডিব্ৰুগড় মহানগৰীৰ ২৭ খন শিক্ষানুষ্ঠানৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ গ্ৰহণ কৰে৷ তিনিটা শাখাত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত ‘ক’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে– অন্বেষা বিস্বাস, মনশ্ৰী গগৈ আৰু কিৰণ্যাশ্ৰী চৌধুৰীয়ে৷ ‘খ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে– সুপ্ৰতীক দে, সৃজন বিস্বাস আৰু জিচান সোনোৱালে৷ ‘গ’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে– আয়ুস পল, তানিচা মণ্ডল আৰু সুপ্ৰতীব বৰুৱাই৷ উদগণিমূলক পুৰস্কাৰ ‘ক’ শাখাত লক্ষ্য আদিত্য চাহু, ‘খ’ শাখাত যুক্তা মাঝী আৰু ‘গ’ শাখাত ধানি বাচফৰক প্ৰদান কৰা হয়৷ স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ আবেলি অনুষ্ঠিত হোৱা পৰিৱেশ সজাগতামূলক সভাত আদৰণী ভাষণ আগবঢ়ায় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জেহিৰুল ইছলামে৷ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়ত্ৰীসহ দুই শতাধিকৰ উপস্থিতিত অনুষ্ঠিত সজাগতমূলক সভাখনত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্যবাহী অভিযন্তা মঞ্জুল চন্দ্ৰ লহকৰ, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকন উপস্থিত থাকি সাম্প্ৰতিক গোলকীয় পৰিৱেশজনিত সমস্যা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, পৰিৱেশতন্ত্ৰত হোৱা প্ৰদূষণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কীয় বিষয়ত বক্তৃতা প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *