“টীম অসমৰ সন্মিলিত প্ৰচেষ্টাৰে ৰাজ্যখনে আগন্তুক দিনবোৰত অগ্ৰগতিৰ নতুন শিখৰত উপনীত হ’ব”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
• অসম চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল
গুৱাহাটী, ৫ জুন ২০২৬:
আজি গুৱাহাটীত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ উপলক্ষে নতুনকৈ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী অশ্বিনী ৰয় সৰকাৰ, শ্ৰী অশোক সিংহল,

আৰু শ্ৰী সুশান্ত বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে,
“মাননীয় ৰাজ্যপাল শ্রী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা প্ৰমুখ্যে সতীৰ্থসকল আৰু গণ্য-মান্য ব্যক্তিসকলৰ সৈতে এই মাহেন্দ্ৰক্ষণত

গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ লগতে টীম অসমৰ সন্মিলিত প্ৰচেষ্টাৰে ৰাজ্যখনে আগন্তুক দিনবোৰত অগ্ৰগতিৰ নতুন শিখৰত উপনীত হ’ব বুলি
আশা কৰিলোঁ৷ সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷”

