...

ডিব্ৰুগড়ৰ বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ডিব্ৰুগড়ৰ বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ফল-মূল আৰু শাক-পাচলিত ধৰা নপৰিল কোনো ভেজাল!

চাইন অন ডেস্ক,৫জুন:

ডিব্ৰুগড়ৰ শাক-পাচলিৰ বজাৰত কোনোধৰণৰ ভেজাল নাই। ডিব্ৰুগড়বাসীয়ে সদায়েই উন্নত আৰু গুণগত শাক-পাচলি খাই আহিছে। এয়া আমাৰ কথা নহয়,ডিব্ৰুগড়ৰ খাদ্য সুৰক্ষা বিভাগৰ।
গ্ৰাহকৰ স্বাস্থ্য সুৰক্ষা আৰু খাদ্য সামগ্ৰীৰ গুণগত মান নিশ্চিত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা খাদ্য সুৰক্ষা বিভাগে আজি মহানগৰৰ কেইবাখন গুৰুত্বপূৰ্ণ বজাৰত ব্যাপক পৰিদৰ্শন অভিযান চলায়।মহানগৰৰ
কালীবাৰী ৰোড, নিউ মাৰ্কেট, পল্টন বজাৰ, নলিয়াপুল, চাউল-বজাৰ আৰু লোহাৰপট্টি অঞ্চলত চলোৱা এই অভিযানত বিভাগীয় বিষয়াসকলে বিক্ৰীৰ বাবে ৰখা ফল-মূল আৰু শাক-পাচলিৰ বিস্তৃত পৰীক্ষা-নিৰীক্ষা কৰে।
অভিযানকালত ফল-মূলত কৃত্ৰিমভাৱে পকাবলৈ ব্যৱহাৰ কৰা নিষিদ্ধ ৰাসায়নিক পদাৰ্থ কেলচিয়াম কাৰ্বাইডৰ উপস্থিতি পৰীক্ষা কৰা হয়।পৰীক্ষাত কোনো ফল-মূলত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰৰ প্ৰমাণ নাপালে বিভাগীয় কতৃপক্ষই।
ইয়াৰ উপৰিও শাক-পাচলিত কৃত্ৰিম ৰং আৰু অন্যান্য ভেজালৰ উপস্থিতিও পৰীক্ষা কৰা হয়।খাদ্য সুৰক্ষা বিভাগে জনোৱা মতে, পৰিদৰ্শন কৰা কোনো শাক-পাচলিত ৰাসায়নিক ৰং বা আন কোনো ধৰণৰ ভেজাল ধৰা পৰা নাই।বিভাগৰ এই আকস্মিক পৰিদৰ্শনৰ ফলত সাধাৰণ গ্ৰাহকৰ বাবে এক আশ্বাসজনক খবৰ হিচাপে বিবেচিত হৈছে। বিষয়াসকলে কয় যে বজাৰত উপলব্ধ ফল-মূল আৰু শাক-পাচলি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ভেজালমুক্ত বুলি এই পৰীক্ষাৰ জৰিয়তে নিশ্চিত কৰা হৈছে।খাদ্য সুৰক্ষা বিভাগে লগতে জনায় যে খাদ্য সামগ্ৰীৰ মানদণ্ড অক্ষুণ্ণ ৰাখিবলৈ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰিবলৈ এনে পৰিদৰ্শন অভিযান আগন্তুক দিনতো নিয়মীয়াভাৱে অব্যাহত থাকিব।স্বাভাৱিকতেই ডিব্ৰুগড়ৰ মহানগৰৰ বজাৰ সমূহত ৰাসায়নিক দ্ৰব্য মিহলোৱা শাক-পাচলি বা ফল-মূল নথকাত এক ইতিবাচক বাৰ্তা বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *