...

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

 

দিছপুৰ,৬জুন:

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অসম মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ এনেধৰণৰ-
কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা আৰু মৰগীয়া সকাহ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধিত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ ৮ লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ তাৎক্ষণিকভাবে উপকৃত হ’ব।

ৰাজ্যিক কেবিনেটে ডিব্ৰুগড়ক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে ‘দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্ৰুগড়’ গঠনৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অঞ্চলটোরে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সক কেন্দ্ৰ কৰি ২০ কিলোমিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল’ব।

‘দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্রাধিকৰণ, ডিব্ৰুগড়ে’ দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়ন পৰিকল্পনা প্রস্তুত কৰা, বিকাশ কৰিড’ৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। প্ৰাধিকৰণখন তলত উল্লেখ কৰা সদস্যসকলৰ নেতৃত্বত পৰিচালিত হ’ব-

মাননীয় বিধায়ক ডিব্রুগড় (কেবিনেট মৰ্যাদাৰ সৈতে)অধ্যক্ষ
সচিব,গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ
উপাধ্যক্ষ,জিলা আয়ুক্ত, ডিব্রুগড়
মুখ্য কার্যবাহী বিষয়া, দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল সদস্য
সদস্য সচিব আয়ুক্ত, ডিব্ৰুগড় পৌৰ নিগম
সদস্য,মুখ্য কার্যবাহী বিষয়া, জিলা পৰিষদ
সকলো বিভাগৰ জিলা পৰ্যায়ৰ মূৰবী বিষয়া (পদেন সদস্য)

দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত সকলো কাম-কাজ সম্পাদনৰ বাবে সংশ্লিষ্ট লাইন বিভাগসমূহৰ বাজেটত ৫০০ কোটি টকাৰ এক বিশেষ পুঁজিৰ আৱণ্টন কৰা হ’ব।
ৰাজ্যিক কেবিনেটে কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্রদানৰ প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্রিত কৰাৰ উদ্দেশ্যে মূল বিধিসমূহৰ ধাৰা ৫ (২) আৰু ধাৰা ১৬ (৪) সংশোধন কৰি ‘অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়সমূহ) সেৱা (সংশোধনী) বিধি, ২০২৬’ৰ সংশোধনী প্রস্তাবত অনুমোদন জনায়।
ৰাজ্যিক কেবিনেটে ২০২৬-২৭ বিত্তীয় বর্ষৰ বাবে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ অধীনত আরণ্টিত পুঁজিৰ পৰিমাণ ১ কোটিৰ পৰা ১.৫ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। ২০২৭-২৮ বিত্তীয় বৰ্ষৰ পৰা এই অনুদানৰ পৰিমাণ প্ৰতিগৰাকী বিধায়কৰ বাবে ২ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। কেবিনেটে বিধায়ক এলেকা উন্নয়ন আঁচনিৰ নিৰ্দেশনাৰ সংশোধন আনি বার্ষিক পুঁজিৰ সৰ্বাধিক ১০ শতাংশ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সহায়ক সামগ্রী ক্রয় আৰু বিতৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত অনুমোদন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *