...

ডিব্ৰুগড়ত সেউজ বিপ্লৱৰ আহ্বান বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ

ডিব্ৰুগড়ত সেউজ বিপ্লৱৰ আহ্বান বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ

গছ বচাওঁ, প্ৰকৃতি ৰক্ষাৰ সংকল্পৰে এক ব্যতিক্ৰমী বৃক্ষৰোপণ কাৰ্যসূচী

চাইন অন ডেস্ক,৫জুন:

ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা চ্যুকাফা সমন্বয় ক্ষেত্ৰত শুভাৰম্ভ কৰা হয় এশজোপা নাহৰ পুলি আৰু বিভিন্ন ফলমূলৰ পুলি ৰোপণ কাৰ্যসূচীৰ। প্ৰকৃতি সংৰক্ষণ আৰু পৰিৱেশ সজাগতাৰ বাৰ্তা লৈ আয়োজিত কাৰ্যসূচীত ডিব্ৰুগড় পৌৰনিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নভাচ কুমাৰ দাস, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা উপস্থিত থাকি প্ৰকৃতি সংৰক্ষণৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায়।
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত প্ৰকৃতিৰ প্ৰতি গভীৰ ভালপোৱা আৰু গছ কটাৰ বিৰুদ্ধে সদায় সোচ্চাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উপদেষ্টা তথা জেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোহাঞিয়ে। পুষ্পাঞ্জলী অৰ্পণ কৰে সংগঠনটোৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি মনোৰঞ্জন হাজৰিকা, বিদ্যাপীঠ পাঠশালাৰ সঞ্চালক আহাতছামুদ্দিন আহমেদ আৰু চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ মূল ব্যক্তি চন্দন ফুকনে।
কাৰ্যসূচীত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক মুক্তামুণি হাজৰিকা, হোমেন ফুকন, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ পত্ৰিকা সম্পাদক যাদৱ গগৈ, বিত্তীয় সম্পাদক শৈলেশ কুমাৰ জৈন, হিৰণ্য বৰা, ধনটি শইকীয়া,খগেন দত্ত,জিতু দাস,প্ৰশান্ত শইকীয়া,দিনেশ দাস, মৃদুল হাজৰিকা, চাহনাৱাজ আহমেদ,আতিকুৰ ৰহমান,বাসু দেৱনাথ,সুজয় ভৌমিক,
বিশিষ্ট অধিবক্তা অনুজ চেত্ৰী,মণি শইকীয়াকে ধৰি বহু সাংবাদিক, বিশিষ্ট ব্যক্তি আদি উপস্থিত থাকে। বিদ্যাপীঠ পাঠশালাৰ শিক্ষক-শিক্ষয়ত্ৰীসহ
প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত নাহৰ আৰু ফলমূলৰ পুলি ৰোপণ কৰা এই কাৰ্যসূচীয়ে ডিব্ৰুগড়ত এক সেউজ সচেতনতা গঢ়ি তোলাৰ প্ৰয়াস চলায়।
আনহাতে, ডিব্ৰুগড় বগীবিল দলঙৰ পৰা লেপেটকটালৈকে ৰাষ্ট্ৰীয় পথৰ কাষত এশজোপা নাহৰ পুলি ৰোপণ কৰাৰ এক বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে সাংবাদিক সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *