লাহৰীঘাটত ড্ৰাগছ ! গ্ৰেপ্তাৰ মহিলাসহ দুই সৰবৰাহকাৰী
চাইন অন ডেস্ক,৫জুন:
মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ।আজি লাহৰীঘাটৰ ৰজাগাধোৱাত মৰিগাঁও জিলা আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী স্বামী- স্ত্ৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হল ৰাছিদুল ইছলাম আৰু মাৰ্জিনা খাতুন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ২৭টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে ।দীৰ্ঘদিন ধৰি স্বামী স্ত্ৰীয়ে মিলি ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে।
Like this:
Like Loading...