নাৰ্চাৰীৰ ৬৭ ছাত্ৰ-ছাত্ৰীৰ মাজত মূল্যবান চেগুন পুলি বিতৰণ
পৰিৱেশ দিৱসৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা
মিছামাৰী,৫জুনঃ
সমগ্ৰ বিশ্বৰ চুকেকোণে উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ সমান্তৰালকৈ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ব্যক্তি খণ্ডৰ বিদ্যালয় স্প্ৰীংডেল ইংলিছ স্কুলত আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আগদিনা ছাত্ৰছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আজি পুৱাৰ মৰ্ণিং এছেম্বলীৰ পাছত বিদ্যালয় খনৰ অধ্যক্ষ মিৰ্জানুৰ ৰহমানে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পাছতে কেইবাগৰাকী ছাত্ৰছাত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত আলোকপাত কৰি সাৱলীল বক্তব্য প্ৰদান কৰে ৷ অধ্যক্ষ আৰু ছাত্ৰছাত্ৰী সকলে নিজৰ বক্তব্যত গছ থাকিলেহে মানুহ আৰু জীৱকুল জীয়াই থাকিব, ধৰণীৰ সেউজী কৰণ, গছগছনিৰ পৰা মানুহ আৰু জীৱকুলে
অক্সিজেনকে আদিকৰি বিভিন্ন সুবিধা অৰ্জন, জলবায়ু পৰিৱৰ্তন আদিৰ ওপৰত আলোকপাত কৰি মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে ৷ বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী নিৰদৌছ চুৰিণ আৰু গীতা কুজুৰে পৰিচালনা কৰা অনুষ্ঠানত বিদ্যালয় খনৰ স্বত্বাধিকাৰী বুলবুল হুছেইন আৰু তেওঁৰ সহধৰ্মিনী ৰঞ্জু বেগমে বিশ্ব পৰিৱেশ দিৱসৰ গুৰুতৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পাছতে বুলবুল হুছেইনে বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভণি কৰে ৷ গছপুলি ৰোপণৰ পাছতে নাৰ্চাৰীৰ ছাত্ৰছাত্ৰী সকলৰ মাজত একোটাকৈ চেগুন পুলি বিতৰণ কৰে ৷ উক্ত গছপুলি বিতৰণ কাৰ্যসূচী আমন্ত্ৰিত অতিথি, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকল অংশগ্ৰহণ কৰে ৷ ব্যক্তি খণ্ডৰ বিদ্যালয় খনৰ স্বত্বাধিকাৰী বুলবুল হুছেইনে
নাৰ্চাৰীৰ ছাত্ৰছাত্ৰী সকলৰ হাতত একোটাকৈ চেগুন পুলি তুলি দি ইয়াৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াই কয়- ছাত্ৰছাত্ৰী সকল দিনক দিনে ডাঙৰ দীঘল হোৱাৰ লগেলগে তেওঁলোকৰ হাতত প্ৰদান কৰা মূল্যবান চেগুন পুলি ডাঙৰ হ’ব আৰু ছাত্ৰছাত্ৰী সকল মেট্ৰিক আৰু ইয়াৰ পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহণৰ সময়ত গছটোৱে তেওঁলোকৰ আৰ্থিক স্বচ্ছলতাৰ দিশত লাভান্বিত কৰিব বুলি নিজৰ বক্তব্যত উল্লেখ কৰে ৷ জানিব পৰামতে বিদ্যালয় খনৰ ৮৬৮ ছাত্ৰছাত্ৰীৰ ভিতৰত নাৰ্চাৰীত ৬৭ ছাত্ৰছাত্ৰী আছে আৰু উক্ত নাৰ্চাৰীৰ ছাত্ৰছাত্ৰীৰ মাজতে গছপুলি সমুহ বিতৰণ কৰে ৷ বিদ্যালয় খনত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত শিক্ষক, শিক্ষয়িত্ৰী,
ছাত্ৰছাত্ৰী, অভিভাৱক উপস্থিত থকা অনুষ্ঠানত স্থানীয় সংগীত শিল্পী যতীন মোছাহাৰী, সাংবাদিক বগা তপ্ন, হৰেণ ভূমিজ আদি আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত আছিল ৷ কালি চাৰি তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগল সংগতি ৰাখি ছাত্ৰছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অংকন কৰা ছৱি সমুহ আজিৰ অনুষ্ঠানত প্ৰদৰ্শন কৰে ৷ ছাত্ৰছাত্ৰী সকলে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত আধাৰিত এখনি নাটকো প্ৰদৰ্শন কৰি অনুষ্ঠানত উপস্থিত সকলোকে আপ্লুত কৰে ৷ উল্লেখ্য যে আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণত বিদ্যালয় খনৰ চৌদিশ সেউজী কৰণ আৰু শোভাবৰ্ধনৰ কাৰণে আমন্ত্ৰিত অতিথি, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা একোটাকৈ চেগুন, দেৱদাৰু, মেহগনি, নাহৰ আদি মূল্যৱান গছপুলি ৰোপণ কৰে।
Like this:
Like Loading...