ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত আৰক্ষীৰ বৃহৎ অভিযান
২৯ কেজি গাঞ্জাসহ আটক দুই
মানকাচৰ,৫জুন:
ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱানৰ আলগা চৰ প্ৰথম খণ্ডত আজি আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত নিচাজাতীয় দ্ৰব্য বিৰোধী এক বৃহৎ অভিযান চলায়।


এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে। অৱশ্যে, আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ উমান পাই অভিযুক্ত ঘৰসমূহৰ আন কিছুসংখ্যক লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
কিন্ত ৰকেয়া খাতুন আৰু আনোৱাৰা খাতুন নামৰ মহিলা দুগৰাকীক আৰক্ষীয়ে আটক কৰিছে।
বৰ্তমান আৰক্ষীয়ে পলাতক লোকসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযানক স্থানীয় সচেতন ৰাইজে প্ৰশংসা কৰিছে।