...

এটা বাটৰ কুকুৰ আৰু ন্যায়ৰ যুজঁ

এটা বাটৰ কুকুৰ আৰু ন্যায়ৰ যুজঁ

 

এচিদ ধালি,ৰডেৰে মৰিয়াইছিল কুকুৰক
চাৰি বছৰে আদালতত যুঁজি জয়ী হোৱা অধিবক্তা ৰীধম

চাইন অন ডেস্ক,৫জুন:

প্ৰথমবাৰলৈ এচিড আক্ৰমণৰ বলি হোৱা এটা কুকুৰে ন্যায় পালে।মানুহৰ ন্যায়ৰ বাবে যুঁজাৰ কথা আপুনি শুনিছে কিন্তু আজি জনাম কুকুৰ বাবে আদালত যুঁজ কৰাৰ কথা।ন্যায়ৰ যুজঁত
দোষীক ১ বছৰ জেইল আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে।
হয়, প্ৰথম বাৰলৈ এটা কুকুৰক ন্যায় দিবলৈ এৰগাকী অধিবক্তাই যুঁজিলে ৪ বছৰ।মানুহে মানুহক অন্যায় কৰিলে ন্যায় দিবলৈ মানুহ আগবাঢ়ি আহে।কিন্তু অমাত প্ৰাণীবোৰক অন্যায় কৰিলে সিহতক ন্যায় দিব কোনে?সিহতক ন্যায় দিব ৰীধম শীলৰ অধিবক্তাই।

এই গৰাকী অধিবক্তাই ঘৰ বাৰী নাইকীয়া এচিড আক্ৰমণৰ বলি হোৱা এটা কুকুৰক দিলে ন্যায়।৪ বছৰ পূৰ্বে ৰীধমে বাতৰি কাকতত পঢ়িবলৈ পাইছিল এজন ব্যক্তিয়ে এটা বাটৰ কুকুৰক গাত এচিড ঢালি দিয়াৰ ফলত কুকুৰটোৱে হেৰুৱাইছিল দৃষ্টিশক্তি।কেৱল এচিড ঢলাই নহয় লোক জনে কুকুৰটোক প্ৰহাৰ কৰিছিল ৰডেৰেও।যাৰ বাবে কুকুৰটোৱে বহু আঘাট পাইছিল।
সেই এচিডৰ আক্ৰমণৰ বলি হোৱা কুকুৰটোৰ যান্ত্ৰণাই বাৰুকৈ আঘাট দিছিল অধিবক্তা গৰাকীকো।তাৰ পিছতে তেওঁ সিদ্ধান্ত লৈছিল কুকুৰটোক ন্যায় দিয়াৰ।৪ বছৰ যুঁজাৰ পিছত ন্যায় পায় কুকুৰটোৱে।কুকুৰটোৰ গাত এচিড ঢলা সেই সেই লোক জনক ১ বছৰ জেইল আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে। এইদৰে অৱশেষত ন্যায় পালে দুৰ্ভগীয়া এচিড আক্ৰমণৰ বলি হোৱা কুকুৰটোৱে।
অধিবক্তা ৰীধমে বিনা ফীজেৰেই দৰিদ্ৰ লোকৰো আইনী যুঁজ যুঁজে।সচাঁই ৰীধমৰ এনে মহানুভৱতাৰ বাবেই সকলোতে এতিয়া ব্যাপক চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *