১৫ বছৰে ন্যায় নাপালে বিস্ফোৰণত মৃত্যু হোৱা ভূক্তভোগী পৰিয়ালে
চিনাক্ত ন’হল দোষী
নাপালে চৰকাৰী ক্ষতিপূৰণৰ সম্পূৰ্ণ ধন
ধুবুৰী,২জুন:
প্ৰায় ১৫ বছৰ উকলিবৰ হ’ল যদিও আজিলৈ ন্যায় নাপালে চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিনৰৰ বিস্ফোৰিত হৈ মৃত্যুবৰণ কৰা ধুবুৰী মহকুমাৰ সেই দূৰ্ভগীয়া পৰিয়ালেবোৰে। নাপালে চৰকাৰী ক্ষতিপূৰণৰ সম্পূৰ্ণ ধনৰাশিও তেওঁলোকে। উল্লেখ্য যে, ২০১১ চনৰ জুলাই দ্বিতীয় সপ্তাহৰ পৰা আগষ্ট মাহলৈ সমগ্ৰ ধুবুৰী মহকুমা কঁপাই তুলিছিল কেৰাচিন তেলৰ বিস্ফোৰণৰ এক ঘটনাই৷ চৰকাৰী সুলভ মূল্যৰ নীলা কেৰাচিন তেল ব্যৱহাৰ কৰি ষ্ট’ভ, চাকি আদি জ্বলাবলৈ গৈ দাউদাউকৈ জ্বলি উঠাৰ ফলত অগ্নিদগ্ধ হৈ মহকুমাটোৰ ৩৪ গৰাকী দূৰ্ভগীয়াই কৰুণ, কষ্টকৰ মৃত্যুক সাবটিবলগীয়া হৈছিল; আহত হৈছিল ১০০ 
