...

শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতিৰ কংগ্ৰেছ ত্যাগ

Spread the love

শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতিৰ কংগ্ৰেছ ত্যাগ

 

চাইন অন ডেস্ক:

শোণিতপুৰৰ ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ পৰা আজি পদত্যাগ কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা নদুৱাৰৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী দাদুল বৰকাকতিয়ে । সমষ্টিটোৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী আছিল বৰকাকতি । সমষ্টিটোত আগছুৰ সদ্য প্ৰাক্তন সভাপতি, ন-কংগ্ৰেছী সুনীল ছেত্ৰীক দলীয় টিকট প্ৰদান কৰাৰ পাছতো দাদুলসহ অন্যান্য প্ৰাৰ্থীত্বপ্ৰত্যাশীসকলৰ মাজত বিদ্ৰোহৰ সূচনা হৈছিল । অন্তঃকন্দলত জৰ্জৰিত হৈ তথা টিকট নাপাই অনুভূত হতাশা আৰু বঞ্চনাৰ বাবেই বৰকাকতিয়ে এনেদৰে পদত্যাগ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । কাকতিয়ে নিজৰ পদত্যাগপত্ৰ সভাপতি গৌৰৱ গগৈলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *