বিজেপিৰ টিকট বঞ্চিত হল অসীম হাজৰিকা
খোৱাংত হব নিৰ্দলীয় প্ৰাৰ্থী !
চাইন অন ডেস্ক:
বিজেপিৰ টিকট বঞ্চিত অসীম হাজৰিকাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিব খোৱাং সমষ্টিত। নতুন দিল্লীৰ পৰা আহিয়েই ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই ২৩ মাৰ্চত খোৱাং সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা প্ৰকাশ কৰিছে। নৱগঠিত খোৱাং সমষ্টিত প্ৰাৰ্থীত্ব লাভত পূৰ্বৰে পৰাই আত্মবিশ্বাসী অসীম হাজৰিকাই ১০ বছৰ ধৰি সমষ্টিটোত সাংগঠনিক কাম-কাজ চলাই আছিল। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সংসদীয় ব’ৰ্ডৰ অন্যতম সদস্য
সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ অসীম হাজৰিকাক শেষ মুহুৰ্তলৈকে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি তৃতীয়বাৰৰ বাবে টিকট প্ৰদান কৰিলে বিধায়ক চক্ৰধৰ গগৈক। দলীয় টিকটৰ পৰা বঞ্চিত হৈ সম্প্ৰতি ক্ষুন্ন হৈ পৰা অসীম হাজৰিকাই খোৱাঙৰ ৰাইজৰ পৰামৰ্শৰ ভিত্তিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ডিব্ৰুগড় বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত অসীম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ সেৱক হিচাপে ১৫ বছৰ ধৰি সেৱা কৰি আছিলো। সমাজখন উত্তৰণৰ বাবে প্ৰয়াস কৰিছিলো। ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰাৰ মন পুহি ৰাখিছিলো। কিন্তু বিজেপিৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত মই কিয় নিৰ্বাচিত নহ’লো, সেইটোহে বিচাৰ্যৰ বিষয়। মই এতিয়া ভাবিব পৰা নাই, কি কৰো? মোৰ অনুৰাগীসকলে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অনুৰোধ জনাইছে। আজিৰ তাৰিখত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ খোৱাং সমষ্টিৰ ৰাইজৰ পৰামৰ্শ ল’ব লাগিব। খোৱাঙৰ ৰাইজে পৰামৰ্শ দিলে ২৩ মাৰ্চত নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিম। ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত এটা সমষ্টিটো সোনোৱাল জনগোষ্ঠীৰ প্ৰাৰ্থী বিজেপিয়ে প্ৰক্ষেপ নকৰাক লৈ আক্ষেপ প্ৰকাশ কৰি অসীম হাজৰিকাই কয়, সৰু সৰু জনগোষ্ঠীয়ে দুটাকৈ প্ৰাৰ্থীত্ব লাভ কৰিছে। কিন্তু থলুৱা সোনোৱাল জনগোষ্ঠীৰ এজনো প্ৰাৰ্থী প্ৰদান নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। সোনোৱাল জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে প্ৰতিনিধি দিবলৈ দাবী জনাই অহাৰ পাছতো বিজেপি নেতৃত্বই বিষয়টো গুৰুত্ব নিদিলে। বিজেপিৰ কাৰ্যত সোনোৱাল জনগোষ্ঠীৰ ৰাইজে অত্যন্ত দুখ পাইছে। উল্লেখ্য যে, আজি নতুন দিল্লীৰ পৰা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা অসীম হাজৰিকাক তেওঁৰ সমৰ্থকসকলে উষ্ম আঁদৰণি জনায়।