...

মহিলা এদিনীয়া বিশ্বকাপ

Spread the love

জেমিমাৰ শতকত ম্লান পৰিল লিছফেল্ডৰ শতৰান

অস্ট্রেলিয়ােক হৰুৱাই ফাইনেলত প্ৰৱেশ ভাৰতৰ

নবী মুম্বাই

ঘৰুৱা দল ভাৰতে চলিত আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। প্রতিযোগিতাখনৰ কালি নবী মুম্বাইত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে সাতবাৰৰ চেম্পিয়ন অস্ট্রেলিয়াক পাঁচ উইকেটত পৰাস্ত কৰে। মন কৰিবলগীয়া যে ভাৰতে তৃতীয়বাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হয়।কালিৰ মেচখনত অস্ট্রেলিয়াই জয়ৰ বাবে বান্ধি দিয়া অভিলেখসংখ্যক ৩৩৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেমিমা ৰড্রিগুবেজৰ দুর্দান্ত অপৰাজিত ১২৭ আৰু অধিনায়িকা হৰমনপ্রীতৰ দায়িত্বশীল ৮৯ ৰানৰ সহায়ত ভাবতে ৪৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ

লক্ষ্যত উপনীত হয়। দলীয় স্ক’ৰ ৫৯ ৰানত অ’পেনাৰদ্বয় শেফালি বার্মা (১০) আৰু স্মৃতি মান্ধানাক (২৪) হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও জেমিমা আৰু হৰমনপ্রীতে তৃতীয় উইকেটত ১৬৭ বান সংগ্ৰহ কৰি

দলৰ বিপৰ্যয় ৰোধ কৰে। ইপিনে, দীপ্তি শর্মাই ২৪, বিছা ঘোষে ২৬ আৰু অমনজ্যোৎ কৌৰে অপৰাজিতভাবে ১৫ বানৰ অৰিহণা আগবঢ়ায়। অস্ট্রেলিয়াৰ হৈ কিম গার্থ আৰু এনাবেল ছাডাৰলেণ্ড উভয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ ফিবি লিছফিল্ডৰ দর্শনীয় ১১৯, এলিছ পেৰীৰ ৭৭ আৰু এছলি গার্ডনাৰৰ ৬৩ ৰানৰ সহায়ত অস্ট্রেলিয়াই ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্ৰহ কৰে। বেথ মুনিয়ে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। ২ নৱেম্বৰত নৱী মুম্বাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব। প্রথম ছেমিত দক্ষিণ আফ্রিকাই ইংলেণ্ডক পৰাস্ত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *