ডিগবৈ গোলাই অইল টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত অঘটন!
ৰৈ থকা তেল ভৰ্তি টেংকাৰত লাগিল ভয়ংকৰ জুই
কথমপি ৰক্ষা পৰিল ডিগবৈ ৰিফাইনেৰীৰ অইল টাৰ্মিনেল
ডিগবৈঃ
ডিগবৈ গোলাইত অৱস্থিত ঐতিহাসিক ডিগবৈ ৰিফাইনেৰীৰ অইল টাৰ্মিনেলৰ সন্মুখত কালি বিয়লি ভাগত এখন তেল ভৰ্তি টেংকাৰত জুই লগাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়। শোধনাগাৰটোৰ তেল মজুত ৰখা গোলাই টাৰ্মিনেলৰ প্ৰবেশদ্বাৰতে ৰখাই থোৱাৰ অৱস্থাত ৰহস্যজনক ভাৱে জুই লাগি নিমিষতে সমগ্ৰ টেংকাৰখন জুইয়ে আগুৰি ধৰে। ৩৮ নং ৰাষ্ট্ৰীয় পথৰ
কাষতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত পথৰ কাষৰ বাসিন্দা সকল আতংকিত হৈ পৰে। তদুপৰি ৰাষ্ট্ৰীয় ঘাই পথটোত যান বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। জ্বলি থকা টেংকাৰখনৰ কাষতে আন তিনিখন তেল ভৰ্তি টেংকাৰ ৰৈ আছিল । এই টেংকাৰ কেইখনত অতি দাহ্য খাৰুৱা তেল ইথান’ল আছিল। ফলত আৰু অধিক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ
আশংকাত স্থানীয় ৰাইজ ভীতিগ্ৰস্ত হৈ পৰে। ডিগবৈ শোধনাগাৰটোৰ পৰা উৎপাদিত সমষ্ট তেল মজুত ৰখা এই টাৰ্মিনেলটোৰ গেটৰ সন্মুখত অগ্নিকাণ্ড সংঘটিত হোৱাক লৈ স্থানীয় সচেতন মহলৰ লগত স্থানীয় বাসিন্দা সকল চিন্তিত হৈ পৰিছে। স্থানীয় ৰাইজে ডিগবৈ শোধনাগাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰি অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰাৰ বহু সময়ৰ পাছত নিগমটোৰ নিজা অগ্নি নিৰ্বাপকৰ গাড়ী আহি টেংকাৰখনৰ জুই তৎপৰতাৰে নিৰ্বাপন কৰে। ইতিমধ্যে টেংকাৰ খন সম্পূৰ্ণ জ্বলি গৈছিল যদিও সৌভাগ্য ক্ৰমে টেংকিটো বিস্ফোৰিত নহ’ল। কাষতে ইথান’ল ভৰ্তি থকা টেংকাৰ এখনতো জুই সামান্য পৰিমানে লাগিবলৈ ধৰিছিল।জুই লগা টেংকাৰ খনত পেট্ৰল আৰু ডিজেল আছিল। জুই লগাৰ কাৰন এতিয়াও স্পষ্ট হোৱা নাই যদিও টেংকাৰখনত চৰ্ট চাৰ্কিটৰ বাবে অগ্নি কাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে। ইপিনে, এক অসমৰ্থিত সূত্ৰৰ মতে গাড়ীৰ ভিতৰত অবৈধভাৱে গেলেনত তেল লৈ অহাৰ সন্দেহ কৰা হৈছে। এনেদৰে অনা তেলত জুই লগাৰ আশংকাও নুই কৰিব নোৱাৰি। তদুপৰি তেল ভৰ্তি কৰা টেংকাসমুহ টাৰ্মিনেলটোৰ পৰা ওলাই গেটৰ সন্মুখত বহু সময় ৰহস্যজনক ভাৱে ৰৈ থকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তদুপৰি অসুৰক্ষিত ভাৱে অতি দাহ্য ইথান’ল ভৰ্তি টেংকাৰ সমুহ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে ৰখাই থোৱা বাবে স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ঘটনাস্থলীত ডিগবৈস্থিত ভাৰতীয় সেনা বাহিনী, আই অ চি হোমগাৰ্ড, চি আই এছ এফ বাহিনী, ডিগবৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অসম ৰাজ্যিক অগ্নি নিৰ্বাপন বাহিনীৰ ডিগবৈ আৰু মাৰ্ঘেৰিটা ইউনিটে সহযোগ আগবঢ়ায়। ঘটনাস্থলীত ডিগবৈ ৰিফাইনেৰীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
ৰমনি বুঢ়াগোহাঁই