...

কলিয়াবৰৰ ১নং বৰঘূলীত আৰক্ষীৰ অভিযানত প্ৰায় ১কোটি ২০ লাখ টকা জালনোট জব্দ

Spread the love

নগাঁও

 

নগাঁও জিলাৰ কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন ১নং বৰঘূলীত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এটা জালনোট ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে প্ৰায় ১কোটি ২০ লাখ টকাৰ জালনোট। ধৃত জালনোট ব্যৱসায়ীটোৰ নাম মুজিবুৰ ৰহমান। এক গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু সহকাৰী উপ পৰিদৰ্শক মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা মুজিবুৰ ৰহমানৰ ঘৰত তালাচী চলোৱাত মুজিবুৰৰ শোৱনী কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪০টা ৫০০ শ টকীয়া জালনোটৰ বান্দোল। অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে, বিগত চাৰিদিন ধৰি ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত বৃহৎ এটি জালনোট চক্ৰই জালনোট সমূহ প্ৰিন্ট কৰি থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত মুজিবুৰ ৰহমানে। নকল টকা সমূহ বহিঃৰাজ্যৰ জালনোট ব্যৱসায়ী চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত উলুৱনী আৰক্ষীয়ে ৫৯/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *