...

বৰবৰুৱাত জিলা যুৱছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বৰবৰুৱাত জিলা যুৱছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোচনীয় পথ

চাইন অন ডেস্ক,১চেপ্তেম্বৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ জিঅ পইন্টত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত বৰবৰুৱা আঞ্চলিক সমিতিৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষেত্ৰীৰ শোকাবহ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে টোলগেট স্থাপন কৰি ধন লোৱাৰ পিছতো শোচনীয়, অনুন্নত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পথ দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰিব নোৱাৰাক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰে। নামনি অসমৰ উপৰিও উজনি অসমৰ শিৱসাগৰ পৰা ডিব্ৰুগড়লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই যাতায়তৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰি আহিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদ্বেগজনক প্ৰকাশ কৰে।আনকি ডিব্ৰুগড় মহানগৰৰ মাজ মজিয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতিকৈ শোচনীয় দুৰৱস্থাই অতীষ্ঠ কৰিছে বুলিও প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মীয়মান অভাৰব্ৰীজৰ কাষত যাতায়তৰ চলাচলৰ ক্ষেত্ৰত উপপথ নিৰ্মাণ নকৰাটোক লৈ সংগঠনটোৱে ক্ষোভ প্রকাশ কৰে।উপপথ নথকাৰ বাবেই অৰুণাচল, যোৰহাট,শিৱসাগৰ ৰোগী কঢ়িওৱা গাড়ী নিৰ্মীয়মান দলংৰ উপপথেৰে দুৰৱস্থাময় সমস্যাৰ মাজেৰে পাৰ হব লগীয়া হয় বুলিও যুৱ ছাত্ৰ পৰিষদে ক্ষোভ ব্যক্ত কৰে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘাইপথৰ উন্নয়ন, যাতায়তৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা শোচনীয় হৈ পৰিছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ লগতে বৰবৰুৱা আঞ্চলিক আৰু কেন্দ্ৰীয় নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *