ডিব্ৰুগড় কানৈ কমাৰ্চ কলেজত পি এম কে ভি ৱাই ৪.০ৰ অধীনত দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভ
চাইন অন ডেস্ক,১চেপ্তেম্বৰ:
ডিব্ৰুগড়ৰ ডিব্ৰুগড় হনুমান বক্স সূজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগিতা মন্ত্ৰালয়ৰ অধীনস্থ “প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ “ৰ অধীনত সপ্তাহজোৰা এক দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।”টেলি পৰিচালনা আৰু জিএচটি গণনাৰ পৰিচয়” শীৰ্ষক এই কাৰ্যসূচীটো ডি এইচ এছ কে কমাৰ্চ কলেজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ডি আৰ ডি ফাউণ্ডেচন নামৰ ন্যাসৰ সহযোগত আৰু দক্ষতা বিকাশ মন্ত্ৰালয়ৰ সহায়ত এই প্ৰশিক্ষণ কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে।অনুষ্ঠানৰ আৰম্ভণিতে ডি এইচ এছ কে কমাৰ্চ
কলেজৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে আমন্ত্ৰিত অতিথি, সমল ব্যক্তি আৰু অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ণ পৰিষদৰ সঞ্চালক ড° ৰূপম শইকীয়া। তেওঁ দক্ষতা-ভিত্তিক শিক্ষাৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ব্লুমচ টেক্স’নমীৰ বিষয়ে ব্যাখ্যা কৰে। ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° শইকীয়াই এই দক্ষতা বিকাশ কাৰ্যসূচীক মহাবিদ্যালয়খনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে। এনে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু পেছাগত ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।আন এগৰাকী বিশিষ্ট অতিথি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই এই দক্ষতা বিকাশমূলক উদ্যোগৰ অংশীদাৰ হ’বলৈ পাই আনন্দ প্ৰকাশ কৰে। তেওঁ এনে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আয়োজন কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ, সমন্বয়ক আৰু কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ কৰ্মসংস্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে ব্যৱহাৰিক দক্ষতা বিকাশত সহায় কৰিব বুলি তেওঁ মন্তব্য কৰে।তিনিচুকীয়া জিলাৰ এন এছ ডিএমৰ চিপিএম যুগল গোস্বামীয়ে প্ৰশিক্ষণ কাৰ্যসূচীটো সফলভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।অনুষ্ঠানত তিনিচুকীয়াৰ কাকপথাৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰাজা বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁ দক্ষতা বিকাশ- মূলক প্ৰশিক্ষণৰ জৰিয়তে লাভ কৰিব পৰা বিভিন্ন সুযোগ-সুবিধাৰ বিষয়ে আলোকপাত কৰে। শিক্ষিত যুৱক-যুৱতীসকলে এনে দক্ষতা আহৰণ কৰি কেনেদৰে স্ব-নিয়োজনৰ পথ বাছি লৈ নিজৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে, সেই বিষয়েও তেওঁ বিস্তৃতভাৱে ব্যাখ্যা কৰে।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথমটো বেটচত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে। অংশগ্ৰহণকাৰীসকলক কাৰ্যসূচীৰ অংশ হিচাপে এযোৰ টি-ছাৰ্ট আৰু দক্ষতা বিকাশৰ ল’গ’যুক্ত এটা বেগৰে গঠিত একোটা কিট প্ৰদান কৰা হয়।
ডি এইচ এছ কে কমাৰ্চ কলেজৰ একাউণ্টেন্সি বিভাগৰ সহকাৰী অধ্যাপক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষক কেশৱানন্দ হালৈয়ে এই দক্ষতা বিকাশমূলক উদ্যোগটোৰ সমন্বয়ক হিচাপে সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে। অনুষ্ঠানত ডি এইচ এছ কে কমাৰ্চ কলেজৰ কেইবাগৰাকীও শিক্ষক- শিক্ষয়িত্ৰী,কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ শেষত ডি আৰ ডি ফাউণ্ডেশ্যনৰ সঞ্চালক দুৰ্ণকান্ত চুতীয়াই শলাগৰ শৰাই আগবঢ়ায়। তেওঁ অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে আমন্ত্ৰিত অতিথি, সমল ব্যক্তি, মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।