...

ক’কৰোচৰ আন্দোলনক নিষেধ কৰিবলৈ অস্বীকাৰ ছুপ্রিম ক’ৰ্টৰ

ক’কৰোচৰ আন্দোলনক নিষেধ কৰিবলৈ অস্বীকাৰ ছুপ্রিম ক’ৰ্টৰ

প্রতিবাদী সমদলৰ সময়ত অপ্ৰীতিকৰ ঘটনা ঘটাৰ পৰিস্থিতি সৃষ্টি হোৱা নাই : উচ্চতম ন্যায়ালয়

 

নতুন দিল্লী,১চেপ্তেম্বৰ:

ক’কৰোচ জনতা পার্টি (চি জে পি) প্ৰস্তাৱিত ৫ ছেপ্টেম্বৰৰ প্ৰতিবাদী সমদলত তাৎক্ষণিকভাবে হস্তক্ষেপ কৰিবলৈ বা কোনো অন্তর্বর্তীকালীন নিষেধাজ্ঞা জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। ইন্ডিয়া গেটৰ পৰা নতুন দিল্লী আৰক্ষী সদৰ দপ্তৰলৈ এই সমদল আয়োজন কৰাৰ কথা আছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে যে এই প্রতিবাদী সমদলৰ পৰা কোনো অপ্রীতিকৰ ঘটনা ঘটিব- এনে ধৰি লোৱাৰ দৰে কোনো পৰিস্থিতি বর্তমান সৃষ্টি হোৱা নাই। ইয়াৰ সমান্তৰালভাৱে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আইন-শৃংখলা ৰক্ষাৰ প্রাথমিক দায়িত্ব প্রশাসন আৰু আৰক্ষীৰ। গতিকে কোনো আশংকা থাকিলে আবেদনকাৰীক উপযুক্ত কর্তৃপক্ষৰ ওচৰলৈ যাবলৈ কোৱা হৈছে। শুনানি চলি থকাৰ সময়ত মুখ্য ন্যায়াধীশে মন্তব্য কৰে, ‘আমি অতি কমেও এই মুহূর্তৰ বাবে ধৰি লৈছো যে সকলোৱে অত্যন্ত দায়িত্বশীল, শান্তিপূর্ণ আৰু আইনসম্মত আচৰণ কৰিব।’ শীর্ষ আদালতে পর্যবেক্ষণ কৰে যে সমগ্র বিষয়টো দুটা পৃথক দিশৰ সৈতে জড়িত- এটা প্রশাসনিক তথা আইন-শৃংখলা আৰু আনটো নীতিগত সিদ্ধান্ত। গতিকে সংশ্লিষ্ট পক্ষসমূহে প্রথমে চৰকাৰী কর্তৃপক্ষৰ সৈতে আলোচনাত বহা উচিত। কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ দায়িত্বৰ কথা সোঁৱৰাই দি মুখ্য ন্যায়াধীশ সূর্য কান্তই আশা প্রকাশ কৰে যে তেওঁলোকে আইনৰ পৰিসৰৰ ভিতৰতে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। সমদলত কোনো আগতীয়া বিধি-নিষেধ আৰোপ কৰাৰ যুক্তি সংগত কাৰণ আদালতে বিচাৰি নাপালেও ভবিষ্যতে পৰিস্থিতি সলনি হ’লে আবেদনকাৰীৰ বাবে আদালতৰ আদালতৰ নির্দেশনা বিচাৰি তেওঁ জনায় যে প্রস্তাবিত পদযাত্রা সম্পূর্ণ
দুৱাৰ খোলা ৰখা হৈছে। মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে পৰিস্থিতি যদি উদ্বেগজনক হৈ পৰে, তেন্তে বিষয়টো পৰৱৰ্তী সময়ত আদালতত উত্থাপন কৰিব পৰা যাব, কিন্তু সেয়া অৱশ্যেই আদালতৰ প্ৰক্ৰিয়াৰ ভিতৰত হ’ব লাগিব। অহা ১০ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে। চিজেপিৰ ফালৰ পৰা ৫ ছেপ্টেম্বৰৰ প্ৰতিবাদী সমদলৰ আহ্বান জনোৱাৰ পিচত, দিল্লীৰ প্রাক্তন আৰক্ষী বিষয়া ৰাজেন্দৰ সিঙে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। চৰকাৰী অনুমতি অবিহনে সমগ্র দিল্লীতে কোনো ধৰণৰ প্ৰতিবাদ বা সমদল যাতে কৰিব পৰা নাযায়, সেই বিষয়ে এই আবেদন জনাইছিল। উল্লেখ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আয়োজিত দেশজুৰি আন্দোলন যোৱা ২৫ জুলাইত প্রত্যাহাৰ কৰা হৈছিল। কিন্তু কেন্দ্ৰই নিজৰ প্ৰতিশ্রুতি ৰক্ষা কৰাত ব্যর্থ হৈছে- এই অভিযোগ তুলি যোৱা ২৪ আগষ্টত পুনৰ প্ৰতিবাদী সমদলৰ আহ্বান জনায় ক’কৰোচ জনতা পার্টিয়ে (চিজেপি)। দলটোৰ দাবী, আন্দোলনকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা এফ আই আৰ প্ৰত্যাহাৰ আৰু লিখিত প্রতিশ্রুতি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাই। ৫ ছেপ্টেম্বৰৰ এই কার্যসূচী সম্পর্কে চিজেপিৰ মুখপাত্র সৌৰভ দাসে শান্তিপূর্ণ হ’ব। তেওঁ অভিযোগ কৰে যে আন্দোলনকাবী ছাত্র সমাজ আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহক চৰকাৰে ‘বিশ্বাসঘাতকতা কৰিছে। সৌৰভ দাসে আৰু জনায় যে ২৫ জুলাইত তৰুণ প্রজন্মক দিয়া প্রতিশ্রুতি পূৰণত চৰকাৰৰ কোনো সদিচ্ছা আছে নে নাই, তাক লৈ চিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটা গভীৰ সংশয়ত আছে। সেইবাবেই ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষী সদৰ দপ্তৰলৈকে এই শান্তিপূর্ণ সমদল আহ্বান কৰা হৈছে, য’ত সম্মুখৰ শাৰীত থাকিব নীট বিতৰ্কৰ সময়ত পৰীক্ষাৰ্থীসকলৰ পৰিয়াল আৰু ২০ জুলাইত দিল্লীত আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱা ব্যক্তিসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *