...

ডিব্ৰুগড়ত মিচন শক্তিৰ অধীনত মহিলাকেন্দ্ৰীক আঁচনিৰ সম্পৰ্কে সজাগতা

Spread the love

ডিব্ৰুগড়ত মিচন শক্তিৰ অধীনত মহিলাকেন্দ্ৰীক আঁচনিৰ সম্পৰ্কে সজাগতা

চাইন অন ডেস্ক:

সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাতো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্পঃ মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত ১০ দিনিয়াকৈ মহিলা কেন্দ্ৰীক বিভিন্ন আঁচনি, হেল্পলাইন নম্বৰ, তথা মহিলা আৰু শিশু কেন্দ্ৰীক বিভিন্ন আইন সমূহৰ সম্পৰ্কে এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত ডিব্ৰুগড়ৰ নগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ইন্দ্ৰানী বৰঠাকুৰ, নগৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ মূখ্য সেৱিকা, জিলা সংকল্পঃ মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তা, অংগনবাড়ী কৰ্মী-সহায়িকা তথা স্থানীয় মহিলা সকলৰ উপস্থিতিত মহিলাকেন্দ্ৰীক আঁচনি তথা ইয়াৰ সুবিধা সমূহৰ ওপৰত এখনি সভা অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *