...

ৰমতুলৰ ভলুকাগুৰিত শোকাৱহ ঘটনা

ৰমতুলৰ ভলুকাগুৰিত শোকাৱহ ঘটনা

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা অহা হাতীৰ মৃত্যু

নগাঁও:

নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া ধৰমতুলৰ ভলুকাগুৰিত শোকাৱহ ঘটনা।
বিদ্যুতৰ তাঁৰত লাগি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ মৃত্যু।আমচৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল বনৰীয়া হাতীৰ জাকটো।

হাতীৰ জাকটোৱে ধাননি পথাৰত বিচৰণ কৰি থকাৰ সময়ত পথাৰৰ মাজেৰে যোৱা বিদ্যুতৰ তাৰত লাগি এটা বয়সস্থ হাতীৰ মৃত্যু হয়
নিশা প্ৰায় ১মান বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব দিছে স্থানীয় ৰাইজে।
হাতীৰ জাকটোৱে বিদ্যুতৰ খুঁটা ভাঙি দিয়াৰ ফলত হাতীটো বিদ্যুতস্পৃষ্ট হোৱাৰ সন্দেহ কৰিছে বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *