...

চৰাইদেউত অঘটন! অতি মৰ্মান্তিক খবৰ!

চৰাইদেউত অঘটন! অতি মৰ্মান্তিক খবৰ!

বাঢ়নী পানীয়ে উটুৱাই নিলে একেটা পৰিয়ালৰে ৪ সদস্যক

চাইন অন ডেস্ক,২১জুলাই:

চৰাইদেউ জিলাত হল অঘটন।এক অতি মৰ্মান্তিক খবৰ।জানিব পৰা অনুসৰি
বাঢ়নী পানীয়ে উটুৱাই নিলে একেটা পৰিয়ালৰে ৪ সদস্যক।​যোৱানিশা প্ৰায় ৭ বজাত চৰাইদেউৰ টেঙাপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত লাকুবা অভয়পুৰীয়া গাঁৱত এক হৃদয়বিদাৰক পৰিস্থিতি সৃষ্টি হয়। হঠাৎ অহা তীব্ৰ বাঢ়নী পানীয়ে ৰোহিনী দুবৰাৰ ঘৰখন প্লাবিত কৰাত পৰিয়ালৰ লোকসকল সুৰক্ষিত স্থানলৈ ওলাই আহিছিল।​কিন্তু পথৰ ওপৰেৰে বৈ যোৱা কোবাল সোঁতত প্ৰথমে ৰোহিনী দুবৰাৰ পত্নী টুটুমনি দুবৰা আৰু কন্যা বিদিশা দুৱৰা উটি যায়। মাতৃ আৰু ভনীয়েকক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰায়ো পানীত নামে, কিন্তু পানীৰ তীব্ৰ সোঁতত তেওঁলোকো উটি যায়। ফলত একেটা পৰিয়ালৰে চাৰিওজন সদস্য বৰ্তমান নিৰুদ্দেশ হৈ আছে।
​দুৰ্যোগৰ সময়ত প্ৰশাসনৰ হেল্পলাইন নম্বৰত ফোন কৰিও কোনো সহাঁৰি নোপোৱাত পৰিয়ালৰ লোকে উপায়হীন হৈ চৰাইদেউ জিলাৰ আয়ুক্ত ড° নেহা যাদৱক পোনপটীয়াকৈ অৱগত কৰে। আয়ুক্ত গৰাকীয়ে ততাতৈয়াকৈ উদ্ধাৰকাৰী দল পঠিয়াব বুলি আশ্বাস প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *