খোৱাং সমষ্টিৰ লৰুৱা মৌজাৰ বিস্তৃত অঞ্চল বানৰ কৱলত!
চাইন অন ডেস্ক,২০জুলাই:
ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ অধীনৰ লৰুৱা মৌজাৰ বিস্তৃত অঞ্চল বুঢ়ীদিহিঙ আৰু চেঁচা নদীৰ বানৰ কৱলত জলমগ্ন হৈ পৰিছে।বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে
বৰ্তমান কোটোহা, বলাই, খোৱাং কাৱৈ মাৰী, ভগামূৰ তিনিআলি,ভগামূৰ কোঁৱৰ গাওঁ,ভগামূৰ ব্লক কুমাৰ গাওঁ,পানী মিৰি গাওঁ,দিহিং থান গাওঁ,দিহিংমুখ ইটাখুলি, মানকটা খনিকৰ মৌজাৰ জকাই বৰবিল, খামটিঘাট, আদি বৃহত্তৰ বুঢ়ীদিহিঙৰ কাষৰীয়া গ্ৰাম্যাঞ্চল জলমগ্ন কৰি তুলিছে।আনহাতে খোৱাং সমষ্টিৰ অধীনৰ ডিব্ৰুগড়
জিলাৰ লৰুৱা মৌজাৰ অন্তৰ্গত লেজাই দেৱানবাৰী গাওঁ,দৈৱান চাহবাগিছা,দেৱান নগাঁও, অঞ্চলৰ বহু হেক্টৰ কৃষিভূমি চেঁচা নদীৰ বাঢ়নী পানীয়ে বুৰাই জলমগ্ন কৰাৰ উপৰিও উক্ত গাঁৱৰ খেতিয়কৰ ধান খেতি অনিষ্ট সাধন কৰিছে।উল্লেখযোগ্য যে দেৱান নগাঁওৰ পৰা দেৱানবাৰীলৈ ৰিং বান্ধৰ ওপৰেদি বাগৰি যোৱা চেঁচা নদীৰ বাঢ়নী পানীয়ে কৃষিভূমি সম্পুৰ্ণ প্লাৱিত কৰিছে যাৰ ফলত ধান খেতিৰ অনিষ্ট হোৱাৰ সম্ভাৱনাই স্থানীয় খেতিয়ক সকলক চিন্তিত কৰি তুলিছে।আনকি চেঁচা নদীৰ বাঢ়নী পানীয়ে চেঁচা নগাঁও, ২নং গৰুধৰীয়া গাঁৱৰ খেতি পথাৰ প্লাৱিত কৰিছে।অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক বিশ্বজিৎ বৰাই খোৱাং সমষ্টিৰ বুঢ়ীদিহিঙ আৰু চেঁচা নদীৰ বানত বিধ্বস্ত অঞ্চলৰ পৰিস্থিতি পৰিদৰ্শন, উপযুক্ত বান সাহাৰ্য্য প্ৰদান, কৃষকৰ ক্ষতিপূৰণ, আৰু দেৱান নগাঁও আৰু দেৱানবাৰী গাঁৱ সংযোগী ৰিং বান্ধ ঊন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে।