ৰূপহীহাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ
ৰূপহীহাট,২১জুলাই:
ৰূপহীহাটত আজি আছুৱে বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপহী ৰৌমাৰীৰ শক্তি উপ কেন্দ্ৰত উপস্থিত হৈ এই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰী সকলে বিদ্যুত বিভাগ হায় হায়, বিদ্যুত মন্ত্রী লেই লেই ছেই ছেই আদি নানা শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰী সকলে চামগুৰি বিদ্যুত বিভাগৰ উপ-সংমণ্ডল বিষয়াৰ ওচৰত এক স্মাৰক পত্র প্রেৰণ কৰে।স্মাৰক পত্ৰখনত উল্লেখ কৰে য়ে ৰূপহী অঞ্চলত অব্যাহত থকা তীব্ৰ অনিয়মীয়া বিদ্যুত যোগান আৰু সঘনাই হোৱা ‘লোডশ্বেডিং’য়ে সমগ্ৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে। আজিৰ যন্ত্ৰ তথা কাৰিকৰী যুগত ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশত সঘনাই হোৱা বিদ্যুত কৰ্তনে বিধি পথালি দিয়া পৰিলক্ষিত হৈছে।বিদ্যালয়ত হোৱা দীঘলীয়া বিদ্যুত কৰ্তনে তীব্র গৰমত ছাত্র-ছাত্ৰীৰ স্বাস্থ্যজনিত আসোঁৱাহ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। তদুপৰি খাৰুৱা তেলৰ সঞ্চয় কৰিব পৰাকৈ বিকল্প হিচাপে যি বৈদ্যুতিক বাহনৰ উন্মেষ ঘটা সেইবোৰৰ চলাচলৰ ক্ষেত্ৰত অনিয়মীয়া তথা দীৰ্ঘসময়যোৰা বিদ্যুত কৰ্তনে বাধাৰ সৃষ্টি কৰিছে। যাৰ ফলত সেইসমূহ বাহনক উপাৰ্জনৰ পথ হিচাপে গণ্য কৰি থকা সাধাৰণ জনতাৰ চৰম হাৰাশাস্তি হৈছে। ৰূপহী অঞ্চলৰ বিভিন্ন কল-কাৰখানা, সঞ্চয়ৰ গুদাম, বেংককে আদি কৰি সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰতে অস্বাভাবিক বিদ্যুত কৰ্তনে মাধমাৰ সোধাইছে।বিদ্যুত বিভাগৰ এনে চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই উপৰোক্ত বাৰেকুচি সমস্যাই জনমানসক জৰ্জৰিত কৰি তুলিছে বুলি স্মাৰক পত্রখনত উল্লেখ কৰিছে। ৰূপহী অঞ্চলৰ উক্ত সমস্যাৰ বাবে সংশিষ্ট বিভাগক পোনে পোনে জগৰীয়া কৰি বিদ্যুত কৰ্তনৰ এই সমস্যা অতিশীঘ্র সমাধান কৰিবলৈ স্মাৰক পত্রৰ জড়িয়তে আছুৱে দাবী জনাইছে।