জকাই গাঁও পঞ্চায়তত খেল মহাৰণ ৩.০ উদ্ধোধন বিধায়ক চক্ৰধৰ গগৈৰ
চাইন অন ডেস্ক,৭নৱেম্বৰ:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন জকাই গাঁও পঞ্চায়তৰ অন্তৰ্গত জকাই কলিয়নী ৰূপজ্যোতি সংঘৰ খেলপথাৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ তত্ত্বাৱধানত ,জকাই গাঁও পঞ্চায়ত পৰ্যায় সমিতিৰ পৰিচালনাত জকাই ৰূপজ্যোতি সংঘৰ খেল পথাৰত আজি “খেল মহাৰণ ৩.০ অনুষ্ঠিত হয়।অনুষ্ঠানত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে “খেল মহাৰণ ৩.০ উদ্ধোধন কৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু
যুৱকল্যাণ বিভাগৰ তত্ত্বাৱধানত গাঁও পঞ্চায়ত পৰ্যায়ৰ সমিতিৰ পৰিচালনাৰে গাঁও পঞ্চায়ত তথা গ্ৰামাঞ্চলৰ উদীয়মান প্ৰতিভাক বিকাশ আৰু উত্তৰণৰ জৰিয়তে জিলা ,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ ক্ৰীড়া বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে” খেল মহাৰণ ৩.০” কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰাৰ উপৰিও উদীয়মান অংশগ্ৰহণ কৰা খেলুৱৈ সকলক উৎসাহিত হৈ “খেল মহাৰণৰ প্ৰতিযোগিতাত ক্ৰীড়া মনোভাৱ গঢ়াৰ আহ্বান জনায়।জকাই কলিয়নী ৰূপজ্যোতি সংঘৰ উপদেষ্টা টংকেশ্বৰ সোনোৱালে আতঁ ধৰা “খেল মহাৰণ ৩.০” উদ্ধোধনী অনুষ্ঠানত বৰবৰুৱা উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া,ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া চামী শইকীয়া,বৰবৰুৱা মণ্ডল বি জে পিৰ সভাপতি সীমান্ত গগৈ,বৰবৰুৱা জিলা পৰিষদৰ সদস্য বিনয় মাঝি,বৰবৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভাস্কৰ সোনোৱাল,জকাই গাঁও পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা সোনোৱাল ,জকাই গাঁও পঞ্চায়তৰ সচিব উৎপল গগৈ,জিলা ক্ৰীড়া বিভাগৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া ,বৰবৰুৱা উন্নয়ন খণ্ডৰ কেবাখনো গাঁও পঞ্চায়তৰ সভানেত্ৰী ,আঞ্চলিক সদস্য, জকাই গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলৰ উপৰিও জকাই কলিয়নী ৰূপজ্যোতি সংঘৰ কৰ্মকৰ্তা উপস্থিত থাকে।উল্লেখযোগ্য যে আজি খেল মহাৰণ ৩.০ উপলক্ষত এথলেটিকছ, ফুটবল প্ৰতিযোগিতা সম্পন্ন হয়।