...

ধুবুৰী জিলাত ৯ নৱেম্বৰত দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা

ধুবুৰী জিলাত ৯ নৱেম্বৰত দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা

ধুবুৰী,৭ নৱেম্বৰ:

দীপাৱলী উপলক্ষে অহা ৯ নৱেম্বৰৰ দিনটো ধুবুৰী জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তই।ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পাৰ্ছনেল শাখাই যোৱাকালি ৬ নৱেম্বৰৰ দিনা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, Negotiable Instruments Act, 1881ৰ অধীনত লাভ কৰা ক্ষমতাৰ ভিত্তিত জিলাখনত ৯ নৱেম্বৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰা হৈছে। সেই নিৰ্দেশনা অনুসৰি, সিদিনা ধুবুৰী জিলাৰ সকলো ৰাজ্য চৰকাৰী কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, সমবায় বেংক আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (PSU) বন্ধ থাকিব। অৱশ্যে, সিদিনা অনুষ্ঠিত হ’বলগীয়া বিভিন্ন পৰীক্ষাৰ পৰিচালনাৰ কামত জড়িত শিক্ষানুষ্ঠান বা সংশ্লিষ্ট ব্যক্তিসকলক এই বন্ধৰ আওতাৰ বাহিৰত ৰখা হৈছে। ধুবুৰী জিলা আয়ুক্তই জাৰী কৰা সেই নিৰ্দেশনাত এই কথা স্পষ্ট কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *