টুপামাৰীত আৰক্ষীৰ জাঁলত বহিঃৰাজ্যৰ চোৰৰ গেং!
চাৰিজনক গ্ৰেপ্তাৰ,এজনৰ পলায়ন
নগৰবেৰা,৬ নৱেম্বৰ:
কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এটা চোৰৰ গেং’ ।আৰক্ষীয়ে গেং’ৰ চাৰিজনক গ্ৰেপ্তাৰ কৰে যদিও এজন পলাই যাবলৈ সক্ষম হয়, বিলাসী বাহনসহ চাৰিটা চুৰি মোবাইল উদ্ধাৰ কৰে আৰক্ষীয়ে।টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে ঝাৰখণ্ডৰ গদৰ কুমাৰ আৰু ৰফিক আনছাৰী, দক্ষিণ শালমাৰাৰ ছামিউল আলম আৰু হাজোৰ সত্যবান দাসক গ্ৰেপ্তাৰ কৰে।এএছ-৩৪-এ-১২৮৬ নম্বৰৰ টাটা নেক্সন’বাহন এখনেৰে গৰৈমাৰীৰ পৰা টুপামাৰী বজাৰলৈ গৈ থকা অৱস্থাত বজাৰৰ সমীপত আটক কৰা হয় দলটোক। আৰক্ষীয়ে তেওঁলোকৰ পৰা চাৰিটাকৈ চুৰি মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰে।উল্লেখ্য
যে ধৃত গদৰ কুমাৰ আৰু ছামিউল আলম পূৰ্বেও একাধিকবাৰ চুৰিৰ গোচৰত জেললৈ গৈছিল । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।