হাই ভল্টেজ বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে ৰে’ল কৰ্মচাৰী
ডিব্ৰুগড়ৰ চাউলখোৱাত ৰে’ল বিভাগৰ গাফিলতিৰ কৰুণ পৰিণতি
চাইন অন ডেস্ক,৬নৱেম্বৰঃ
ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত এক শোকাৱহ ঘটনাই ৰে’ল বিভাগৰ কৰ্মচাৰীৰ কৰ্মস্থলীৰ সুৰক্ষাক লৈ পুনৰ সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰে’লপথৰ ওপৰত থকা বিদ্যুতৰ তাঁৰৰ সৈতে জড়িত কাম কৰি থকা অৱস্থাতে হাই ভল্টেজ বিদ্যুৎ প্ৰবাহৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাবটি লয় এজন ৰে’ল কৰ্মচাৰীয়ে। নিহত কৰ্মচাৰীজন পশ্চিমবংগৰ বাসিন্দা তথা ৰে’লৱেৰ বিদ্যুৎ বিভাগত কৰ্মৰত জান দাস শ্বেখ বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড়ৰ চাউলখোৱা ৰে’লৱে এলেকাত ৰে’লপথৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে জড়িত কামত নিয়োজিত হৈ আছিল কৰ্মচাৰীজন। সেই সময়তে তেওঁ হঠাৎ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহৰ সংস্পৰ্শলৈ আহে। ফলত গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীগৰাকীৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাই কেৱল এটা পৰিয়াললৈ শোকৰ বন্যা কঢ়িয়াই অনাই নহয়, ৰে’ল বিভাগৰ কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু কৰ্মস্থলীত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ বিষয়টোকো পুনৰ চৰ্চালৈ আনিছে।
আটাইতকৈ উদ্বেগজনক বিষয়টো হ’ল, ৰে’লপথৰ ওপৰত থকা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে কাম কৰাৰ সময়ত কৰ্মচাৰীজনৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে নিশ্চিত কৰা হৈছিলনে? বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি কাম আৰম্ভ কৰা হৈছিলনে? কৰ্মচাৰীগৰাকীক প্ৰয়োজনীয় সুৰক্ষা সঁজুলি, যেনে ইনচুলেটেড গ্ল’ভছ, সুৰক্ষা বেল্ট আৰু অন্যান্য ব্যক্তিগত সুৰক্ষা সামগ্ৰী প্ৰদান কৰা হৈছিলনে? ইয়াৰ উপৰি, এনে বিপজ্জনক কাম আৰম্ভ কৰাৰ পূৰ্বে বিদ্যুৎ বিভাগৰ নিৰ্ধাৰিত সুৰক্ষা প্ৰট’কল অনুসৰণ কৰা হৈছিলনে, সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে জড়িত কামত সামান্য অসাৱধানতাই যে প্ৰাণঘাতী বিপদ মাতি আনিব পাৰে, এই ঘটনাই পুনৰ সেয়া স্পষ্ট কৰি দিছে। এজন কৰ্মচাৰীয়ে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই ৰে’ল বিভাগৰ দায়িত্ব আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। কৰ্মচাৰীৰ জীৱনৰ সুৰক্ষা নিশ্চিত নকৰাকৈ কেৱল কামৰ লক্ষ্য পূৰণ কৰাটোৱে কেতিয়াও অগ্ৰাধিকাৰ পাব নোৱাৰে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। ইফালে, এই শোকাৱহ ঘটনাৰ প্ৰকৃত কাৰণ কি, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি আছিল নেকি, কৰ্মচাৰীজনক পৰ্যাপ্ত সুৰক্ষা সঁজুলি প্ৰদান কৰা হৈছিলনে আৰু নিৰ্ধাৰিত সুৰক্ষা বিধি মানি চলা হৈছিলনে, এই সকলো দিশৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন হৈছে।