চাহ শ্ৰমিকক প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ’ব!
ডিব্ৰুগড়ত গৰজি উঠিল আটছাৰ কেন্দ্ৰীয় নেতা লখিন্দৰ কুৰ্মি
চাইন অন ডেস্ক,৭ নৱেম্বৰ:
অসমৰ অৰ্থনীতিৰ মূল চালিকাশক্তি চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা আৰু বকুল চাহ বাগিচাত মালিকপক্ষই শ্ৰমিকৰ দখলিকৃত ভূমিৰ ওপৰত চলাই থকা অবৈধ বুলড’জাৰ নীতিৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰিল অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)। আজি ‘আটছা’ ডিব্ৰুগড় শাখা আৰু ইয়াৰ উপ-শাখাসমূহৰ সহযোগত বকুল চাহ বাগিচাত এক
২ ঘণ্টীয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। আটছা ডিব্ৰুগড় শাখাৰ সভাপতি সূৰজ নাইক আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ গড়ৰ নেতৃত্বত ৰূপায়ণ হোৱা প্ৰতিবাদস্থলীত উপস্থিত থাকি বিজেপি চৰকাৰ আৰু চাহ বাগিচাৰ মালিকপক্ষৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আটছা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে
।প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি আটছা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকজনে চৰকাৰৰ দুমুখীয়া নীতিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ ভোট বেংকৰ বাবে আৱাসিক গৃহৰ ভূমিৰ আৱণ্টন আৰু স্থায়ী পট্টা প্ৰদানৰ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত আজিলৈকে শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদানৰ সেই সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰে ইচ্ছাকৃতভাৱে স্থগিত ৰাখিছে। চৰকাৰৰ এই প্ৰতাৰণাক চাহ জনগোষ্ঠীয়ে কোনো কাৰণতে সহ্য নকৰে। আমি চৰকাৰক স্পষ্টকৈ সকীয়াই দিছোঁ যে শ্ৰমিকৰ আৱাসিক ভূমিৰ পট্টা প্ৰদানৰ কাম তৎকালীনভাৱে আৰু যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিব লাগিব, অন্যথা ইয়াৰ পৰিণাম ভয়াবহ হ’ব।আনহাতে চাহ বাগিচাৰ মালিকপক্ষৰ শ্ৰমিক শোষণৰ বিৰুদ্ধে গৰজি উঠি আটছা কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক সুনীল পাতৰে কয় বকুল চাহ বাগিচাৰ হিলাই টিঙৰ দৰিদ্ৰ চাহ শ্ৰমিকৰ ভূমি দখল কৰি বকুল কোম্পানীয়ে যি জধে-মধে বুলড’জাৰ চলাই শ্ৰমিকৰ ভেটি উচন কৰিবলৈ ওলাইছে, তাক আটছা-ই তীব্ৰ গৰিহণা দিয়ে। শ্ৰমিকৰ তেজ-ঘামেৰে গঢ়া বাগিচাত শ্ৰমিকৰ ওপৰত কোম্পানীৰ এই গুণ্ডাগিৰি আৰু বুলড’জাৰ নীতি শীঘ্ৰে বন্ধ কৰিব লাগিব। ইয়াৰ উপৰি চাহ বাগিচাৰ মাটিত চাহ জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰি অন্য যিবোৰ ভূ মাফিয়াই বা বেলেগ ব্যক্তিয়ে অবৈধভাৱে মাটি দখল কৰি আছে, তেওঁলোকক জিলা প্ৰশাসনে অতি সোনকালে উচ্ছেদ কৰিব লাগিব। শ্ৰমিকৰ ভূমিত কেৱল শ্ৰমিকৰে অধিকাৰ থাকিব বুলি আটছা নেতা সুনীল পাতৰে উল্লেখ কৰে।
আটছাৰ শাখা সভাপতি সূৰজ নাইক আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ গড়েও চৰকাৰ আৰু মালিকপক্ষক হুংকাৰ দি কয় যে, চাহ শ্ৰমিকৰ এই ন্যায়সংগত দাবীসমূহ যদি অতি সোনকালে পূৰণ কৰা নহয়, তেন্তে অনাগত দিনত আটছা-ই সমগ্ৰ শ্ৰমিক সমাজক একত্ৰিত কৰি ৰাজপথলৈ ওলাই আহিব আৰু ইয়াতকৈও অধিক জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।আজিৰ এই ২ ঘণ্টীয়া কাৰ্যসূচীত অঞ্চলটোৰ অগণন চাহ শ্ৰমিক, মহিলা শ্ৰমিক তথা স্থানীয় ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ আৰু মালিকপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।