...

ডিব্ৰুগড়ৰ আৰ.কে.বি. ৰোডৰ ৰংঘৰ চাৰিআলিত মোবাইল চোৰক কৰায়ত্ত

ডিব্ৰুগড়ৰ আৰ.কে.বি. ৰোডৰ ৰংঘৰ চাৰিআলিত মোবাইল চোৰক কৰায়ত্ত

চাইন অন ডেস্ক,১২মে’:

ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ আৰ.কে.বি. ৰোডৰ ৰংঘৰ চাৰিআলিত আজি এজন মোবাইল চোৰক স্থানীয় ৰাইজে হাতে-লোটে কৰায়ত্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, দুজনী যুৱতীৰ হাতৰ পৰা মোবাইল ফোন থপিয়াই এজন যুৱকে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়তে স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে তৎপৰতাৰে চোৰজনক আগচি ধৰে আৰু কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

দিন-দুপৰতে সংঘটিত এই কাণ্ডত উত্তেজিত হৈ পৰা ৰাইজে চোৰজনক উত্তম-মধ্যম সোধায়। চহৰৰ মাজমজিয়াত বৃদ্ধি পোৱা এনে ধৰণৰ অপৰাধমূলক ঘটনাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দি চোৰজনক গতাই দিয়া হয়। আৰ.কে.বি. ৰোডৰ দৰে জনবহুল বাণিজ্যিক এলেকাত নিৰাপত্তাহীনতাক লৈ এই ঘটনাই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *