ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নিষিদ্ধ ঔষধ ?
৮০ গৰাকী খেলুৱৈ অভিভাৱকৰ অংশ
চাইন অন ডেস্ক,১২মে':
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ১০ মে' তাৰিখে সন্থাৰ চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈ সকলক নিষিদ্ধ ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা শিবিৰৰ আয়োজন কৰে।
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয়ৰ
চিকিৎসক ডাঃ প্ৰতীম গুপ্তাই। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা০ ভাস্কৰ ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত
জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই শিবিৰত অংশগ্ৰহণ কৰা প্ৰায় ৮০ গৰাকী খেলুৱৈ আৰু অভিভাৱকক ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ( এণ্টি ডপিং )
ব্যবহাৰ কৰি বহু খেলুৱৈ নিষিদ্ধ হ'বলগীয়া হোৱা সম্পৰ্কত অৱগত কৰে। এই সজাগতা শিবিৰৰ জৰিয়তে তেওঁলোকে খেলুৱৈ জীৱনত কেনে ধৰণৰ ঔষদ গ্ৰহণ কৰাটো উচিত সেই
বিষয়ে ব্যাখ্যা কৰে। ডা০ প্ৰতীম গুপ্তাই উপস্থিত খেলুৱৈ আৰু অভিভাৱকক খেলুৱৈ সকল অসুস্থ হৈ পৰিলে কেনে ধৰণৰ ঔষধ সেৱন কৰা উচিত আৰু ল'বলগীয়া সাৱধানতা
ওপৰত পাৱাৰ পইণ্টৰ আধাৰত অৱগত কৰে। পৰৱৰ্তী সময়ত এক প্ৰশ্ন উত্তৰৰ শিতান অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত পোন প্ৰথমবাৰৰ
বাবে এনে এক সজাগতা শিবিৰৰ আয়োজন কৰা হৈছিল। অভিভাৱক সকলে জিলা ক্ৰীড়া সন্থাৰ এই উদ্যোগক শলাগ লয়।
Like this:
Like Loading...