...

বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ অঙ্গনবাদী কেন্দ্ৰত দেৱাল ভাঙি ছাত্ৰ আহত

বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ অঙ্গনবাদী কেন্দ্ৰত দেৱাল ভাঙি ছাত্ৰ আহত

বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তদন্ত দাবী

চাইন অন ডেস্ক,২অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ সংহত শিশু বিকাশ কেন্দ্ৰ অন্তৰ্গত বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ ছমাহ পূৰ্বে নিৰ্মাণ কৰা ১১নং অঙ্গনবাদী কেন্দ্ৰটোৰ দেৱাল ভাঙি উক্ত কেন্দ্ৰৰ এগৰাকী ছাত্ৰ আহত হোৱা ঘটনাত বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে ।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ অঙ্গনবাদী কেন্দ্ৰটো নিৰ্মাণ কাৰ্য্যৰ গুণগত মানদণ্ডসম্পন্ন হোৱা নাই বুলি অভিযোগ উত্থাপন কৰাৰ উপৰিও নিৰ্মাণ কাৰ্য্য আসোঁৱাহ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দেৱাল খহি ছাত্ৰ গৰাকী আহত হোৱা ঘটনা সংঘটিত হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই ঠিকাদাৰ দায়বদ্ধতাৰ ওপৰত তদন্তৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে।উল্লেখযোগ্য যে বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ অঙ্গনবাদী কেন্দ্ৰটোৰ দেৱাল খহি ছাত্ৰ গৰাকীৰ আহতৰ বুজ লৈ বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়ালৰ লগত মত -বিনিময় কৰে বুলি জানিবলৈ দিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই এক নিৰপেক্ষ তদন্তৰ বাবে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি দাবী জনাইছে ।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাগৰ চেতিয়াৰ উপৰিও উপসভাপতি নীলোৎপল দুৱৰা,সহকাৰী সাধাৰণ সম্পাদক শ্যামল দুৱৰা প্ৰমূখ্যে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে বৰবৰুৱাৰ বিনৈগুটীয়া গাঁৱৰ ছমাহ পূৰ্বে নিৰ্মাণ কৰা অংগনবাদী কেন্দ্ৰটো দেৱাল খন কিয় ভাঙি এগৰাকী ছাত্ৰ আহত হবলগীয়া হল সেই বিষয়টো বৰবৰুৱাৰ সংহত শিশু বিকাশ কেন্দ্ৰই পদক্ষেপ গ্ৰহণ কৰাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে আৰু ভৱিষ্যতে উক্ত অঙ্গনবাদী কেন্দ্ৰত ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰাপত্তা নিশ্চিত হয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।ভৱিষ্যতে যাতে এনেকুৱা অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কতৃপক্ষক নিজৰ স্থিতি ষ্পষ্ট কৰি সকিয়াই দিছে আৰু ছাত্ৰৰ জীৱনক লৈ হেতালি খেলা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *