...

আৰক্ষী দিৱস উপলক্ষে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ শুভেচ্ছা জ্ঞাপন

আৰক্ষী দিৱস উপলক্ষে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ শুভেচ্ছা জ্ঞাপন

চাইন অন ডেস্ক,২অক্টোবৰ:

১অক্টোবৰত আৰক্ষী দিৱস উপলক্ষে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৰবৰুৱা অঞ্চলৰ বিভিন্ন থানালৈ গৈ আৰক্ষী বিষয়া তথা কৰ্মচাৰীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

উক্ত কাৰ্যসূচীত বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাগৰ চেতিয়া, উপদেষ্টা উদিত পাত্ৰ আৰু নয়নজ্যোতি ডেকাৰ লগতে সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। সন্থাৰ প্ৰতিনিধি দলটোৱে ডিব্ৰুগড জিলাৰ উপ আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মন, বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল চাংমাই আৰু লেপেটকটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসক সাক্ষাৎ কৰি আৰক্ষী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

সমাজত শান্তি-শৃংখলা অটুট ৰখা, জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী বাহিনীয়ে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। লগতে আগন্তুক দিনসমূহতো আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰবৰুৱা আৰক্ষীক বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষী দিৱসৰ শুভাশিষ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *