নিশা শোৱাপাটীৰ পৰাই উঠাই আনিছিল ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক
আমেৰিকাৰ বিমান আক্রমণত নিহত ৪০
কঠোৰ সকীয়নি ট্রাম্পৰ ‘মেক্সিকো-কলম্বিয়া আৰু কিউবাক’
*চাইন অন ডেস্ক*
ভেনিজুৱেলাত মার্কিন ডেল্টা বাহিনী-নাইট ষ্ট’কাৰ্ছ হেলিকপ্টাৰ ইউনিটে চলোৱা ৰুদ্ধশ্বাস অভিযানৰ বর্ণনা দিয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ফ্ল’ৰিডাৰ মাৰ-আ-লাগত সংবাদ মেল পাতি ৰাষ্ট্ৰপতি ট্রাম্পে সদৰী কৰা অনুসৰি দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ বন্দী কৰিবলৈ ৰাজধানী কাৰাকাছৰ বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত কৰি দিয়া হৈছিল। অন্ধকাৰে ছানি ধৰিছিল সমগ্ৰ ৰাজধানী মহানগৰখন। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকাই যি সফলতা অর্জন কৰিলে, বিশ্বৰ কোনো দেশে সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই। মাত্র কিছু সময়ৰ ভিতৰতে ভেনিজুৱেলাৰ সমস্ত সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিছিল। কাৰণ আমাৰ সেনা আৰু আইনী সংস্থাসমূহে ৰাতিৰ অন্ধকাৰত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ সফলভাৱে বন্দী কৰিবলৈ সক্ষম হয়। এই অভিযান আছিল অত্যন্ত ভয়ংকৰ। ৰাষ্ট্ৰপতি ট্রাম্পে সদৰী কৰা অনুসৰি দুয়োকে অতি সুৰক্ষিত দূৰ্গৰ শোৱাপাটীৰ পৰা বন্দী কৰা হয়। তেওঁ ইয়াৰ বৰ্ণনা দাঙি ধৰি কয় যে চাৰি দিন ধৰি অভিযানটোৰ বাবে সঠিক সময়ৰ অপেক্ষাত আমি আছিলোঁ। এই অভিযানত মার্কিন সেনাৰ কোনো বিষয়া-জোৱান নিহত হোৱা নাই। একাংশই আহত হ’লেও তেওঁলোক সফলভাৱে উভতি আহে। বর্তমান আটায়ে সুস্থ। বাৰাষ্ট্ৰপতি ট্রাম্পে সদৰী কৰা অনুসৰি দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ বন্দী কৰিবলৈ ৰাজধানী কাৰাকাছৰ বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত কৰি দিয়া হৈছিল। অন্ধকাৰে ছানি ধৰিছিল সমগ্ৰ ৰাজধানী মহানগৰখন। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে আমেৰিকাই যি সফলতা অর্জন কৰিলে, বিশ্বৰ কোনো দেশে সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই। মাত্র কিছু সময়ৰ ভিতৰতে ভেনিজুৱেলাৰ সমস্ত সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিছিল। কাৰণ আমাৰ সেনা আৰু আইনী সংস্থাসমূহে ৰাতিৰ অন্ধকাৰত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ সফলভাৱে বন্দী কৰিবলৈ সক্ষম হয়। এই অভিযান আছিল অত্যন্ত ভয়ংকৰ। ৰাষ্ট্ৰপতি ট্রাম্পে সদৰী কৰা অনুসৰি দুয়োকে অতি সুৰক্ষিত দূৰ্গৰ শোৱাপাটীৰ পৰা বন্দী কৰা হয়। তেওঁ ইয়াৰ বৰ্ণনা দাঙি ধৰি কয় যে চাৰি দিন ধৰি অভিযানটোৰ বাবে সঠিক সময়ৰ অপেক্ষাত আমি আছিলোঁ। এই অভিযানত মার্কিন সেনাৰ কোনো বিষয়া-জোৱান নিহত হোৱা নাই।
একাংশই আহত হ’লেও তেওঁলোক সফলভাৱে উভতি আহে। বর্তমান আটায়ে সুস্থ। ৰাষ্ট্ৰপতি ট্রাম্পে দাবী কৰা মতে, ভেনিজুৱেলাত এতিয়া কি হ’ব সেয়া নির্ধাৰণ কৰিব আমেৰিকাই। উল্লেখ্য যে পৰহিৰ পুৱতি নিশা এয়াৰ স্ট্রাইক চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ বন্দী কৰে মার্কিন বাহিনীয়ে। তাৰ পাছতে দুয়োকে হেলিকপ্টাৰযোগে নিউয়ৰ্কৰ ষ্টুৱাৰ্ড এয়াৰ নেচনেল গার্ড বেছলৈ অনা হয়। এইবাৰ তেওঁলোকক লৈ যোৱা হয় মেনহাটনেস্থিত আমেৰিকাৰ মাদক নিয়ন্ত্রক সংস্থাৰ সদৰ কাৰ্যালয়লৈ। তাৰ পৰা ভেনিজুবেলাৰ বন্দী ৰাষ্ট্ৰপতিজনক মার্কিন সেনাই নিয়ে নিউয়র্ক ব্রুকলিনৰ মেট্র’পলিটান ডিটেনচন চেণ্টাৰলৈ। সম্প্ৰতি তাতেই তেওঁক বন্দী কৰি ৰখা হৈছে। সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিচাৰ চলিব মেনহাটনেৰ ফেডাৰেল আদালতত। তেওঁৰ বিৰুদ্ধে মাদকদ্রব্য সৰবৰাহ, সন্ত্রাস, দুর্নীতি, অবৈধ চৰকাৰ পৰিচালনাকে ধৰি বিভিন্ন অভিযোগ আৰোপ কৰিছে মার্কিন প্রশাসনে। ইফালে হোৱাইট হাউছৰ তৰফৰ পৰা বন্দী অৱস্থাত নিকোলাছ মাদুৰোৰ এক ভিডিঅ’ ফুটেজ প্রকাশ কৰিছে। য’ত বন্দী ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিজনে স্পষ্টকৈ ৫টা শব্দ উচ্চাৰণ কৰা শুনা গৈছে। সেয়া হ’ল- গুড নাইট। হেপী নিউ ইয়েৰ। ইফালে ভেনিজুৱেলাত চলা মার্কিন এয়াৰ স্ট্রাইকত ৰাজধানী কাৰাকাছৰ লগতে দেশখনৰ বিভিন্ন প্ৰান্তৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি প্রকাশ পাইছে। এই আক্রমণত বর্তমানলৈ ৪০জন লোক নিহত হোৱা বুলি সংবাদ প্রতিষ্ঠানৰ সূত্ৰত প্ৰকাশ। মন কৰিবলগীয়া যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভেনিজুৱেলাৰ পাছত এইবাৰ কঠোৰ সকীয়নি দিছে মেক্সিকো-কলম্বিয়া আৰু কিউবাক। মাদকদ্রব্য সৰবৰাহ আৰু অনুপ্ৰৱেশকাৰীৰ বিষয়ত আমেৰিকাই কোনো আপোচ নকৰে বুলি উল্লেখ কৰি এই তিনিখন দেশক উদ্দেশ্যি তেওঁ কয় যে ভেনিজুৱেলাৰ দৰে অৱস্থা হ’ব। মাদক সন্ত্রাস ৰুধিবলৈ যদি মেক্সিকো-কলম্বিয়া-কিউবাত আমেৰিকাই ভৰি থ’বলৈ হয়, তেন্তে সেয়া কৰিবলৈ প্ৰস্তুত।
Like this:
Like Loading...