...

হালাকুৰাত অন্ত পৰিল গ্ৰীষ্মকালীন কৰ্মশালা

হালাকুৰাত অন্ত পৰিল গ্ৰীষ্মকালীন কৰ্মশালা

আগমনি,৩০জুলাই:

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰে। ধুবুৰী জিলাৰ ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোন্ধৰ জুলাইৰ পৰা ২৯ জুলাইলৈ গ্ৰীষ্মকালীন কৰ্মশালাত প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পোন্ধৰ দিনীয়া কৰ্মশালাত কোঁচ ৰাজবংশী, কাৰ্বি, তিৱা আৰু ৰাভা সকলৰ লোক নৃত্যৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকে দেৱস্মিতা ৰায় আৰু সহযোগী হিচাপে থাকে ৰাকেশ লামা। প্ৰশিক্ষনৰ সামৰণি অনুষ্ঠানত উপেন্দ্ৰ নাথ ভকতৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ চন্দ্ৰ ৰায়, কৌশিক ৰায়, মিতালি শৰ্মাকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত থাকে। সভাতেই গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক এখনকৈ মানপত্ৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *