...

ধন দাবীৰ অভিযোগত ডিকমৰ গাঁও প্ৰধান উত্তম গগৈ নিলম্বিত

ধন দাবীৰ অভিযোগত ডিকমৰ গাঁও প্ৰধান উত্তম গগৈ নিলম্বিত

জিলা সভাপতি বিমল বাগক ৰক্ষণাবেক্ষণৰ চেষ্টা!

আটছাৰ তিনি কেন্দ্ৰীয় নেতাৰ

চাইন অন ডেস্ক,৪নৱেম্বৰঃ

ধন দাবী আৰু নিৰ্যাতিত ভয়-ভাবুকি দেখুৱাই এজাহাৰ প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ উঠা ডিকমৰ লংছু গাঁৱৰ চৰকাৰী গাঁও প্ৰধান উত্তম গগৈক নিলম্বন কৰা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি এক নিৰ্দেশনাৰ জৰিয়তে উত্তম গগৈক নিলম্বন কৰে। উল্লেখ্য যে, ডিকমৰ এএফটি চাহ ফেক্টৰীৰ স্বত্বাধিকাৰী নুৰ আলম খানৰ বিৰুদ্ধে ফেক্টৰীত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উঠিছিল। এই ঘটনাৰ সন্দৰ্ভত ২৬ অক্টোবৰত ভুক্তভোগী মহিলাগৰাকীয়ে ডিকম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, ঘটনাটোৰ পিছত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি গাঁও প্ৰধান উত্তম গগৈ আৰু বিৰাজ সন্দিকৈয়ে মিলি ফেক্টৰীৰ স্বত্বাধিকাৰী নুৰ আলম খানৰ পৰা ৬ লাখ টকা লৈছিল। আনহাতে, আটছাৰ জিলা সভাপতি বিমল বাগেও ৩.৫০ লাখ টকা লোৱাৰ অভিযোগ উঠিছে। আন এক গুৰুতৰ অভিযোগ অনুসৰি, গাঁও প্ৰধান উত্তম গগৈয়ে ভুক্তভোগী মহিলাগৰাকীক ব্লেকমেইল কৰাৰ লগতে ভয়-ভাবুকি দেখুৱাই পূৰ্বে দাখিল কৰা এজাহাৰখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছিল। অৱশ্যে, ২ নৱেম্বৰত ভুক্তভোগী মহিলাগৰাকীয়ে পুনৰ লাহোৱাল আৰক্ষী থানাত দ্বিতীয়খন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে ৫৬/২০২৬ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি এএফটি চাহ ফেক্টৰীৰ স্বত্বাধিকাৰী নুৰ আলম খানক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নুৰ আলম খানক ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইতিমধ্যে নুৰ আলম খানৰ পুত্ৰ আছলাম খানে লাহোৱাল আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৫৭/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮(২), ৩৫১(২), ৬১(২)(এ) আৰু ৩(৫) ধাৰাৰ অধীনত তদন্ত আৰম্ভ কৰিছে। এই গোচৰত অভিযুক্ত গাঁও প্ৰধান উত্তম গগৈ, বিৰাজ সন্দিকৈ আৰু বিমল বাগক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতে, তিনিওজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে। ইফালে, ঘটনাটোক কেন্দ্ৰ কৰি তদন্ত অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় জিলা আয়ুক্তৰ নিৰ্দেশত চৰকাৰী গাঁও প্ৰধান উত্তম গগৈক নিলম্বন কৰাটোৱে সমগ্ৰ ঘটনাটোক নতুন মাত্ৰা প্ৰদান কৰিছে। অন্যহাতে অসম চাহ জনজাতি ছাত্ৰ সংস্থা (আটছা)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগৰ বিৰুদ্ধে গোচৰ মীমাংসাৰ নামত ৩.৫ লাখ টকা লোৱাৰ অভিযোগ উত্থাপনৰ পিছতে এইবাৰ অভিযোগ খণ্ডন কৰি লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লক্ষীন্দৰ কুৰ্মী, সাংগঠনিক সম্পাদক হেমন্ত কুজুৰ আৰু বিত্ত সম্পাদক সুনীল পাত্ৰই লাহোৱাল আৰক্ষী থানাত দাখিল কৰা এজাহাৰত বিমল বাগৰ বিৰুদ্ধে উত্থাপিত ধন লোৱাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে।
উল্লেখ্য যে, যোৱা ১৫ অক্টোবৰত ডিকমৰ ইষ্ট এএফটি চাহ ফেক্টৰীত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিকক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনাটোৰ সন্দৰ্ভত ২৬ অক্টোবৰত মহিলাগৰাকীয়ে ডিকম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও ২৭ অক্টোবৰত সেই এজাহাৰ প্ৰত্যাহাৰ কৰে। আটছাৰ দাবী অনুসৰি, সংগঠনটোৱে আৰম্ভণিৰে পৰা মহিলাগৰাকীৰ ন্যায় প্ৰাপ্তিৰ দাবীত তেওঁৰ কাষত থিয় দিছিল আৰু এজাহাৰ প্ৰত্যাহাৰ নকৰিবলৈও অনুৰোধ জনাইছিল। যিকোনো পৰিস্থিতিতে মহিলাগৰাকীৰ ন্যায় প্ৰাপ্তিৰ বাবে সংগঠনটোৰ স্থিতি অটল আছিল বুলিও এজাহাৰত উল্লেখ কৰা হৈছে। পৰৱৰ্তী সময়ত ২ নৱেম্বৰত মহিলাগৰাকীয়ে পুনৰ এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত নুৰ আলম খানৰ পুত্ৰই আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগে গোচৰটো মীমাংসা কৰাৰ নামত ৩.৫ লাখ টকা গ্ৰহণ কৰাৰ অভিযোগ সংবাদ মাধ্যমৰ আগত উত্থাপন কৰে।
অৱশ্যে, এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিয়ে কয় যে, উক্ত ধন লেনদেনৰ বিষয়ে সংগঠনটোৰ কোনো বিষয়ববীয়া অৱগত নহয়। বিমল বাগ আৰু আটছাক সামাজিকভাৱে বদনাম কৰা, সন্মানহানি কৰা আৰু ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ ভৱিষ্যৎ ধ্বংস কৰাৰ উদ্দেশ্যে এনে অভিযোগ উত্থাপন কৰা হৈছে বুলি এজাহাৰত অভিযোগ কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিমল বাগৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা ব্যক্তিৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লাহোৱাল আৰক্ষীৰ ওচৰত দাবী জনাইছে আটছাৰ কেন্দ্ৰীয় সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *