ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ তত্ত্বাৱধানত আৰম্ভ কৰা ‘পৰিৱেশ্য কলাৰূপে বিহু’ শীৰ্ষক এবছৰীয়া পাঠ্যক্ৰমৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সভাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এটি অনুষ্ঠানত পাঠ্যক্ৰমটি শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই৷ উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে কয় যে জাতীয় সংস্কৃতি এটাৰ সংৰক্ষণ,সংবৰ্ধন আৰু প্ৰচাৰ-প্ৰসাৰৰ দায়িত্ব একোখন বিশ্ববিদ্যালয়ৰ থাকে৷ বিহুক বিদ্যায়তনিকভাৱে চৰ্চা আৰু গৱেষণাৰ বাবে এটা শৈক্ষিক ব্যৱস্থা গঢ়ি তুলি এটা ঐতিহাসিক কাম ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সম্পাদন কৰিছে৷ পৰম্পৰা,ৰূপান্তৰ আৰু বিদ্যায়তনিক দৃষ্টিভংগী সন্মুখতলৈ বিহু- সংস্কৃতিৰ আগবঢ়াই নিয়াৰ বহুকেইটা প্ৰকল্প ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লোৱা বুলিও উপাচাৰ্যগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ ২০২৭ বৰ্ষত ঢোল,খোল, বিহুনাচ,আবৃত্তি আদি বিষয়ৰ পাঠ্যক্ৰমত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও উপাচাৰ্যগৰাকীয়ে ভাষণত ঘোষণা কৰে৷ সময় আৰু স্বাস্থ্যৰ প্ৰতি সচেতনহৈ এটা নতুন পৰিৱেশ গঢ়াৰ বাবে শিল্পীসকলক উপাচাৰ্যগৰাকীয়ে আহ্বান জনায়৷নতুন শিক্ষানীতিয়ে সামৰি লোৱা এনে বিষয়বোৰ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় অতি দায়বদ্ধ বুলিও উপাচাৰ্যয়ে মন্তব্য প্ৰকাশ কৰে৷অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালে পথাৰৰ পৰা পাঠ্যক্ৰমলৈ বিহুৰ এই যাত্ৰাক এটা ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ অসমীয়াৰ পৰিচয় বিহুক কেন্দ্ৰ কৰি শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাম সদায় ইতিহাসৰ পাতত জিলিকি থাকিব বুলি ড০ সোণোৱালে মন্তব্য প্ৰকাশ কৰে৷ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ পল্লৱী ডেকা বুজৰবৰুৱাই এই পাঠ্যক্ৰমৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিহু সুৰক্ষা সমিতি অসমৰ সম্পাদক প্ৰধান ৰেৱ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত একেলগে বহুকেইটা বিদ্যায়তনিক কাম সম্পাদন কৰাৰ বাবে পৰিকল্পনা কৰাৰ কথাও নিজৰ বক্তব্যত উল্লেখ কৰে৷ ড০ মৃণাল কুমাৰ বৰুৱাই সুত্ৰধৰা অনুষ্ঠানটিত আঞ্চল চমুৱাই এটি গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷উল্লেখ্য সমগ্ৰ ৰাজ্য বিভিন্ন প্ৰান্তত চৌৰাশী গৰাকী শিক্ষাৰ্থীয়ে এই বৰ্ষত বিহু পাঠ্যক্ৰমত নামভৰ্তি কৰিছে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.