অসম সাহিত্য সভাৰ কেন্দ্ৰীয় যুৱ সংসদ উপ সমিতিৰ অন্তৰংগ আলাপ অনুষ্ঠান
ধেমাজি মহাবিদ্যালয়ত সম্পন্ন
সাহিত্যাচাৰ্য, ভাষাবিদ ড° ভীমকান্ত বৰুৱাৰ সৈতে এক মনোজ্ঞ আলাপ
চাইন অন ডেস্ক,৩নৱেম্বৰ:

উক্ত অনুষ্ঠানত আমন্ত্ৰিত সমল ব্যক্তিৰূপে উপস্থিত থাকে সাহিত্যচাৰ্য্য, ভাষাবিদ ড° ভীমকান্ত বৰুৱা।
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় যুৱ- সংসদ উপসমিতিৰ আহ্বায়ক ড° অচ্যুত গগৈয়ে উপস্থিত সকলোকে সাদৰ সম্ভাষণ জনাই আগবঢ়োৱা অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটে , মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা: অসম সাহিত্য সভাৰ
শীৰ্ষগীত ‘ চিৰ চেনেহী মোৰ ভাষা জননী’ৰ পৰিৱেশনেৰে। বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু ড° ভীমকান্ত বৰুৱাই। আদৰণি বক্তব্যৰে অনুষ্ঠানৰ উদ্বোধন কৰে উক্ত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সমজুৱাক উদ্দেশ্যি আগবঢ়োৱা তেখেতৰ ভাষণ প্ৰসংগত কয় যে:
‘নৱ প্ৰজন্মৰ মাজত জাতীয় চেতনা, মানৱীয় বোধ আৰু অসমীয়া ভাষা সাহিত্যৰ প্ৰতি অনুৰাগ জগাই তুলি তেওঁলোকক জাতীয় জীৱনৰ অভিন্ন অংগৰূপে দায়বদ্ধতা বৃদ্ধিৰ লগতে অসম সাহিত্য সভাৰ মজিয়ালৈ আদৰণি জনাবৰ বাবে সমন্বয়কৰ ভূমিকা ৰূপায়ণ কৰাই কেন্দ্ৰীয় যুৱ সংসদ উপ-সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য’।
আনহাতে অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত প্ৰাধ্যাপক, গৱেষণা তত্বাৱধায়ক, ভাষাবিদ,পণ্ডিত, সাহিত্যিক ড° ভীমকান্ত বৰুৱাই উপস্থিত সুধী সমাজ তথা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণ প্ৰসংগত কয় যে, ‘ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ইতিমধ্যে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছে । কিন্তু আমি অসমীয়াসকলে নিজৰ ভাষাৰ এই গৰিমামণ্ডিত মৰ্যাদা ৰক্ষাৰ প্ৰতি মুঠেই সচেতন নহওঁ। যাৰবাবে আমাৰ ভাষাৰ বহু আপুৰুগীয়া শব্দ সম্ভাৰ বৰ্তমানে হেৰাই গৈছে। আৰু ক্ৰমাগতভাৱে এই অধোগতি বৃদ্ধি পাইছে। থলুৱা অসমীয়া লোকভাষা, গ্ৰাম্য ভাষাৰ নিজস্ব ঠাঁচ জতুৱা-ঠাঁচ, ভাষাৰ কালিকা আদি আমাৰ ভাষাৰ কেৱল সৌন্দৰ্যৰে কাৰক নহয় বৰং ই আমাৰ ভাষাৰ মৌলিকত্বৰো আধাৰ। আৰু অসমীয়া ভাষাৰ প্ৰাচীনত্ব চৰ্যাপদৰ সান্ধ্যভাষাৰ দিনৰে পৰা ক্ৰমে বুৰঞ্জীৰ ভাষা, বৰ্তমানৰ আধুনিক অসমীয়া ভাষালৈকে ক্ৰম বিৱৰ্তনৰ যি স্তৰ বা পুৰণি অসমীয়া, মধ্য অসমীয়া, আধুনিক অসমীয়া অনুক্ৰমে অসমীয়া ভাষাৰ বিকাশৰ যি প্ৰক্ৰিয়া সি আমাৰ ভাষাৰ সগৌৰৱ দীৰ্ঘসূত্ৰতাৰ কথাই সূচায়। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমূহ সচেতন অসমীয়াই ভাষাৰ মৰ্যাদা ৰক্ষাৰ বাবে যৎপৰোনাস্তি সচেষ্ট হোৱা উচিত। অতীজত বেদ বেদান্তৰ যুগৰ বা পৰৱৰ্তী লেখকসকলে নিৰ্দিষ্ট বিষয় সন্দৰ্ভত সাধনা কৰিছিল দীঘলীয়া সময় অৱধি তাৰ গুৰিকথা অনুধাৱকনৰ অৰ্থে কৰা চিন্তন, মনন-মন্থনৰ জৰিয়তে। আৰু সেই সাধনালব্ধ জ্ঞানৰ মাৰ্গত তেওঁলোকৰ ভূমিকা কেৱল স্ৰষ্টা বা লেখক বা কথক নাছিল , তেওঁলোক আছিল দ্ৰষ্টা!’ প্ৰসংগক্ৰমে তেখেতে জনগোষ্ঠীয় সমন্বয়, সম্প্ৰীতিৰ ৰক্ষাৰ বাবেও আমাৰ অনেক কৰণীয় আছে বুলি অভিমত ব্যক্ত কৰাৰ লগতে নাগালেণ্ডৰ চৰকাৰী আঁচনি অনুসৰি নগালেণ্ডৰ তদানীন্তন মুখ্যমন্ত্ৰী এছ চি জমিৰৰ আহ্বানমৰ্মে কহিমাৰ কন্যাক নগা গোষ্ঠীৰ ৫২ খন গাঁৱৰ অধিবাসী নগা লোকসকলৰ বাবে নগা অভিধান,ব্যাকৰণ, আদিপাঠ আদি প্ৰণয়ন সম্পৰ্কীয় উপলব্ধিৰ বিষয়ে সদৰী কৰি কয় যে, সাহিত্য কেৱল শাব্দিক বিন্যাস বা অনুভৱৰ অনুশীলনতে সীমিত নহয় বৰঞ্চ বৃহৎ পৰিপ্ৰেক্ষাৰে সাহিত্যই সামৰি লয় জীৱন জিজ্ঞাসা আৰু নৈতিক শৃংখলবদ্ধতাৰে পৰিশীলিত সামাজিক দায়িত্ববোধো। সেয়ে শিক্ষাৰ্থীসকলে ভৱিষ্যত গঢ়াৰ সমান্তৰালভাৱে এজন সু নাগৰিকৰ দায়বদ্ধতাৰে সমাজ আৰু জাতীয় জীৱনৰ প্ৰতিও অনুকম্পাৰে, প্ৰকৃতিৰ সুগভীৰ পৰ্যবেক্ষণেৰে লব্ধ জ্ঞানেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি গভীৰ অনুৰাগ তথা শ্ৰদ্ধাশীল মনোভাৱৰ বশৱৰ্তী হৈ , সমন্বয়,সম্প্ৰীতিৰ বাৰ্তাৰে, আমাৰ জাতীয় জীৱনক সুন্দৰ কৰাৰ মহান দৃষ্টিভংগীৰে নিজকে এজন প্ৰকৃত অসমীয়া ৰূপে পৰিচয় দিবৰ বাবে ড° বৰুৱাই আহ্বান জনায়।

অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই জ্ঞাপন কৰে যুৱ সংসদৰ আহ্বায়ক গৌতম গগৈয়ে আৰু অসম সংগীত পৰিৱেশনেৰে এই মনোগ্ৰাহী অনুষ্ঠানটিৰ সফল সমাপন ঘটে।