ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাত
আঠ গৰাকী ছাত্ৰই প্ৰথম বাৰৰ বাবে মেট্ৰিকত অৱতীৰ্ণ হব
চাইন অন ডেস্ক, ৩ নবেম্বৰ:
ডিব্ৰুগড়ৰ চাউলখোৱাত ১৯৯৭ চনত উজনি অসমৰ একমাত্ৰ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাখনিয়ে প্ৰতিষ্ঠা লাভ কৰিছিল। সেই সময়ত মাত্ৰ কেইজনমান শিক্ষকৰদ্বাৰা ছাত্ৰ সকলক ছাত্ৰাবাসত ৰাখি বিনামূলীয়াকৈ খোৱা -বোৱা, কিতাপ -পত্ৰ আদি যোগান ধৰি পাঠদান কৰে। সম্প্ৰতি মাদ্ৰাছাখনত আৰবী, উৰ্দুৰ সমান্তৰালকৈ অসমীয়া,ইংৰাজী, গণিত ,সমাজ বিজ্ঞানৰ লগতে কম্পিউটাৰ শিক্ষা আদিৰে ১৫ গৰাকী শিক্ষকে ব পাঠদান কৰে । মাদ্ৰাছাখনিত ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দুখীয়া,অনাথ ছাত্ৰসকলক নিজকে স্বাবলম্বী কৰি তোলাৰ লগতে উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এই উদ্দেশ্যে যোৱা ১ নবেম্বৰত মাদ্ৰাছাখনিত এখনি “জলচা ও দস্তাৰবন্দী”ৰ এখনি সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এইবাৰ প্ৰথম বাৰৰ বাবে মাদ্ৰাছাৰ পৰা ৮ জন ছাত্ৰই দিল্লীৰদ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ অধীনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হব আৰু অনলাইনৰ মাধ্যমেদি হোৱা পাঠদানৰ শুভাৰম্ভণী কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি আলহজ চেলিম উদ্দিন আহমেদে। সভাত উপস্থিত থাকে পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ আৰু শিক্ষক ছাত্ৰসকল। সভাপতিয়ে তেখেতৰ ভাষণত মাদ্ৰাছাৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে সমূহ ৰাইজৰ দিহা -পৰামৰ্শ ও আৰ্থিক সহায় -সহযোগিতা কামনা কৰিছে।