...

নগৰবেৰা খামেৰীত ভুমি কেন্দ্ৰিক বিবাদ

নগৰবেৰা খামেৰীত ভুমি কেন্দ্ৰিক বিবাদ

মাৰপিট,কেবাজনো আহত

নগৰবেৰা,২৯ জুলাই:

এডোখৰ ভূমিক কেন্দ্ৰ কৰি নগৰবেৰাৰ খামেৰীত কুৰুক্ষেত্ৰ।দুই পক্ষৰ ভয়ানক মাৰপিট, পুৰুষ-মহিলাসহ কেইবাজনো আহত।আহত লোক কেইজনক ততাতৈয়াকৈ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।জানিব পৰা মতে, খামেৰী গাঁৱৰ ক্ৰমে শ্বৰিফ আলী আৰু ফুলবৰ আলীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিনৰে পৰা এটা পথক
কেন্দ্ৰ কৰি বিবাদ চলি আছিল।আজি সন্ধিয়া বিবাদমান পথত শ্বৰিফ আলীৰ পক্ষই বলপূৰ্ব্বক তামোলৰ গছ ৰোৱাত ফুলবৰ আলী আগবাঢ়ি আহি বাধা দিয়ে।তাৰ পাছত শ্বৰিফ আলীৰ নেতৃত্বত ক্ৰমে- জাকিৰ হুছেইন, জাহেদুল ইছলাম, কুৰবান আলী, শ্বাহ আলম আৰু সাইজুদ্দিনে
প্ৰতিপক্ষ ফুলবৰ আলীৰ লগতে তেওঁ পৰিয়ালৰ ক্ৰমে নূৰ নাহাৰ বেগম, মঞ্জুৱাৰা খাতুন, কুলছন নেছাক বেয়াকৈ মাৰধৰ কৰে।এই মাৰপিটত দুয়োপক্ষৰ পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।শ্বৰিফ আলীৰ পক্ষই দা’, ডেগাৰ, লাঠিৰ আক্ৰমণত ফুলবৰ আলী অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও সমগ্ৰ মাৰপিটৰ ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *